আইপিএলত অধিনায়ক ধোনীৰ শততম জয়
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ আই পি এলত অধিনায়কৰ ৰূপত শততম জয়েৰে ক্রিকেটৰ পথাৰলৈ প্রত্যাৱর্তন ঘটাইছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷
শনিবাৰে নিশা ত্রয়োদশ সংস্কৰণৰ আই পি এলৰ উদ্বোধনী মেচত চেন্নায়ে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰাৰ পিছতে ধোনীয়ে অধিনায়ক হিচাপে ঐশ্বর্যশালী টি–২০ লীগখনত শততম জয়ৰ সোৱাদ লাভ কৰে৷
উল্লেখ্য যে বিগত ১৫ আগষ্টৰ সন্ধিয়া দেশৰ ক্রিকেট অনুৰাগীক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা ধোনী পৰহি সম্পূর্ণ ৪৩৭ দিনৰ পিছত ক্রিকেটৰ পথাৰত নামে৷ ২০১৯ৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ অন্তিমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ খেলিছিল৷
আই পি এলত জয়েৰে সুন্দৰ আৰম্ভণি ঘটাবলৈ সক্ষম হ’লেও চেন্নাই ছুপাৰ কিংছ অধিনায়কগৰাকীয়ে অৱশ্যে মাত্র দুটা বলহে খেলাৰ সুযোগ পায়৷ দলটোৱে অহা ২২ ছেপ্টেম্বৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব৷