কচুগাঁও–শ্রীৰামপুৰত দুই শতাধিকৰ বিপিএফত যোগদান
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ কালি ৬নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ পাণবাৰীত বি পি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়৷ বি পি এফৰ গোসাইগাঁও জিলা যুৱ গোটৰ সভাপতি নৰপতি ব্রহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টী ত্যাগ কৰি ডেৰ শতাধিক পুৰুষ–মহিলাই বি পি এফ দলত যোগদান কৰে৷
নতুনকৈ দলত যোগদান দিয়াসকলক দলীয় পতাকা আৰু ফুলাম গামোচাৰে আদৰি লয় বি পি এফ দলৰ নেতাসকলে৷ যোগদান সভাত আক্রাছুৰ প্রাক্তন নেতা তথা বি পি এফ নেতা পুলকেশ ৰায়ে কয় ইউ পি পি এলৰ সভাপতি প্রমোদ বডো কোচ ৰাজবংশীৰ জনজাতিৰ মর্যাদা পোৱাৰ বিৰুদ্ধাচৰণ কৰা নেতা৷
এনে ধৰণৰ নেতাৰ হাতলৈ ক্ষমতা গ’লে ক্ষমতাৰ অপব্যৱহাৰ কৰিব৷ বি পি এফ দলে কোচ ৰাজবংশীৰ জনজাতিৰ মর্যাদা পোৱাৰ ক্ষেত্রত কোনোদিনে বিৰোধিতা কৰা নাই৷ গণ সুৰক্ষা পার্টীৰ সভাপতি তথা নৱ কুমাৰ শৰণীয়া বিটিচিত বড়ো–অবড়োৰ ৰাজনীতি কৰা তথা জনসাধাৰণৰ কথা নভবা নেতা৷
আনহাতে, কালি ৩ নম্বৰ শ্রীৰামপুৰ (অজনজাতি) সমষ্টিৰ এক নম্বৰ ভোমৰাবিল গাঁৱত বি পি এফৰ প্রার্থী আব্দুল খালেক মণ্ডলৰ এখন নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়৷ সভাত শতাধিক পুৰুষ–মহিলাই কংগ্রেছ ত্যাগ কৰি বি পি এফত যোগদান কৰে৷
নতুনকৈ দলত যোগদান কৰা পুৰুষ–মহিলাসকলক্ শ্রীৰামপুৰ ক বি পি এফৰ সভাপতি হাছেন আলী, বি পি এফৰ গোসাঁইগাঁও জিলা যুৱ গোটৰ সভাপতি নৰপতি ব্রহ্ম, মহিলা গোটৰ নেত্রী ৰহিমা খাতুন, শ্রীৰামপুৰ সমষ্টিৰ বি পি এফ দলৰ প্রার্থী আব্দুল খালেক মণ্ডল, বি পি এফ গোসাঁইগাঁও জিলা সমিতিৰ উপ–সভাপতি আনোৱাৰ হুছেইনে নতুনকৈ যোগদান কৰাসকলক দলীয় পতাকা আৰু ফুলাম গামোচা দি আদৰি লয়৷