নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোল খাব কামাখ্যা মন্দিৰৰ দ্বাৰ, কিছু নিয়ম মানি চলিব লাগিব দৰ্শনাৰ্থীয়ে

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অহা ২৪ ছেপ্টেম্বৰৰ পৰা ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ। অসমৰ প্ৰাচীন শক্তিপীঠখন ক’ৰোনাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল।

২৪ তাৰিখৰ পৰা মন্দিৰৰ দ্বাৰ মুকলি কৰিলেও চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা। এই নীতি অনুসৰি এদিনত ৫০০তকৈ অধিক লোকে প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰ চৌহদত। দৰ্শনাৰ্থীৰ বাবে মন্দিৰ পৰিচালনা কমিটীয়ে অনলাইন পাছৰ ব্যৱস্থা কৰিব।

আনহাতে ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোক আৰু ১০ বছৰৰ তলৰ শিশুৱে প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰত। ইয়াৰ উপৰি সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড প্ৰটকল মানি দৰ্শন কৰিব পাৰিব মন্দিৰ।

You might also like