নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ নামনি অসমৰ কেইবাখনো জিলাত জনগাঁথনি সলনি কৰি শেহতীয়াকৈ এক বিশেষ সম্প্রদায়ৰ লোকৰ জনসংখ্যা অভাৱনীয় হাৰত বৃদ্ধিক লৈ বুধবাৰে সংসদত সৰৱ হৈ পৰিল মঙলদৈৰ সংসদ দিলীপ শইকীয়া৷ সংসদৰ শূন্যকালীন ঘণ্টাত এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে উত্থাপন কৰি সাংসদগৰাকীয়ে অসম দ্বিতীয়খন জম্মু–কাশ্মীৰৰ দিশে গতি কৰা বুলিও উদ্বেগ প্রকাশ কৰে৷ সাংসদগৰাকীয়ে এই সন্দর্ভত বিস্ফোৰক তথ্য দাঙি ধৰি কয় যে জম্মু–কাশ্মীৰৰ পাছতে অসম হ’ল দ্বিতীয়খন ৰাজ্য, য’ত মুছলমানৰ জনসংখ্যা ৩৪ শতাংশ৷ ২০২১ চনত এই হাৰ ৩৫ শতাংশৰো অধিক হোৱাৰ সম্ভাৱনা আছে৷ তেওঁ কয়– শেহতীয়াকৈ প্রকাশ হোৱা এক তথ্যত ৰাজ্যৰ ১২৬টা সমষ্টিৰ ৮২টা সমষ্টিত ২০ হাজাৰকৈ মুছলমান ভোটাৰ বৃদ্ধি হৈছে৷ এয়া ৰাজ্যখনৰ বাবে ভয়াৱহ দিশ৷ ক্রমাৎ বৃদ্ধি পোৱা মুছলমানৰ জনসংখ্যাই ৰাজ্যবাসীক চিন্তিত কৰি তোলাই নহয়, অসম যে দ্বিতীয়খন কাশ্মীৰ হোৱাৰ দিশে আগবাঢ়িছে, সেয়া স্পষ্ট হৈ পৰিছে৷ একমাত্র অসমেই নহয়, পশ্চিমবংগ, বিহাৰ আৰু আন কেইবাখনো ৰাজ্যত মুছলমানৰ জনসংখ্যা যিধৰণে বৃদ্ধি পাইছে, তাক প্রতিৰোধ কৰাৰ বাবে এক সবল জনসংখ্যা নীতি ভাৰত চৰকাৰে অতি সোনকালে বলৱৎ কৰিব লাগে৷ সংসদত দিলীপ শইকীয়াই অচিৰেই জনসংখ্যা নিয়ন্ত্রণৰ বাবে এক নীতি প্রস্তুতৰ বাবেও দাবী তোলে৷ উল্লেখ্য যে নামনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে মুছলমান ভোটাৰৰ হাৰ বৃদ্ধিয়ে খিলঞ্জীয়া লোকৰ বাবে নমাই আনিছে সংকট৷ বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, দৰং, নগাঁও, মৰিগাঁও আদি কেইবাখনো জিলাৰ বহু সমষ্টিত এতিয়া মুছলমান ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ এনে সময়তে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই সংসদত আজি দাঙি ধৰা বক্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ সাংসদগৰাকীয়ে আজি ভাৰতীয় ৰে’লৰ মানচিত্রত মঙলদৈক অন্তর্ভুক্ত কৰাৰ বাবেও কেন্দ্রীয় ৰে’লমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে৷