নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত মৃত্যু কেন্দ্রীয় ৰে’ল ৰাজ্যিক মন্ত্রী আংগাড়ীৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে কেন্দ্রীয় ৰাজ্যিক ৰে’লমন্ত্রী সুৰেশ আংগাড়ীয়ে৷ নতুন দিল্লীৰ এইমছৰ ট্র’মা চেণ্টাৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বুধবাৰে সন্ধিয়া কেন্দ্রীয় ৰাজ্যিক ৰে’লমন্ত্রী আংগাড়ীৰ মৃত্যু ঘটে৷ যোৱা ১১ ছেপ্টেম্বৰত ক’ভিড–১৯ পৰীক্ষণৰ ফলাফলত পজিটিভ হোৱাৰ পাছত ৰাজ্যিক ৰে’লমন্ত্রীগৰাকীক নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা হয়৷ মন্ত্রীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পাছলৈ চিকিৎসালয়খনৰ ক’ভিড–১৯ ট্র’মা চেণ্টাৰত ভর্তি কৰোৱা হয়৷ বিগত ১২ দিন ধৰি ট্র’মা চেণ্টাৰত চিকিৎসাধীন হৈ থকা অৱস্থাতে মন্ত্রীগৰাকীৰ বুধবাৰে বিয়োগ ঘটে৷ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱা মোদী চৰকাৰৰ প্রথমগৰাকী মন্ত্রী আংগাড়ী কর্ণাটকৰ বেলাগাভি সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল৷ ৰাজ্যখনৰ বেলাগাভিৰ কোপা গাঁৱত ১৯৫৫ চনৰ ১ জুনত জন্মগ্রহণ কৰা ৰাজনীতিক আংগাড়ীয়ে বেলাগাভিৰ এছ এছ এছ সমিতি কলেজ অৱ কমার্চৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল৷ পৰৱর্তীকালত আংগাড়ীয়ে বেলাগাভিৰ প্রখ্যাত ৰজা লাখাম গৌড়া আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্রী লাভ কৰে৷ ভাৰতীয় জনতা পার্টীৰ এগৰাকী সাধাৰণ কর্মী হিচাপে দলত যোগদান কৰি নিজৰ কর্মদক্ষতাৰ বাবে আংগাড়ীয়ে ১৯৯৬ চনত বেলাগাভি জিলা বিজেপিৰ উপ–সভাপতি হিচাপে, ২০০১ চনত জিলাৰ সভাপতি হিচাপে মনোনীত হোৱাৰ পাছত ২০০৪ চনত বেলাগাভি (বেলগাম) লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ উক্ত নির্বাচনত প্রতিদ্বন্দ্বী প্রার্থীক বৃহৎ ব্যৱধানত পৰাজিত কৰি চতুর্দশ লোকসভাৰ সদস্য হিচাপে নির্বাচিত হয়৷ পিছলৈ ২০০৯, ২০১৪ আৰু ২০১৯তো আংগাড়ী সাংসদ হিচাপে উক্ত সমষ্টিৰ পৰাই নির্বাচিত হয়৷ চাৰিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে নির্বাচিত হোৱা আংগাড়ী ২০১৯ চনৰ মে’ মাহত নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ৰাজ্যিক ৰে’লমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে আৰু মৃত্যুৰ সময়লৈকে আংগাড়ী ৰাজ্যিক ৰে’লমন্ত্রী হিচাপে কার্যনির্বাহ কৰি আছিল৷ ৬৫ বছৰীয়া ৰাজনীতিক তথা ৰাজ্যিক ৰে’লমন্ত্রী আংগাড়ীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে৷

You might also like