নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিত ধন লৈ ভোটাৰক প্রভাৱিতৰ চেষ্টা আলোচনাপন্থী আলফাৰ

সাংসদ নৱ শৰণীয়াৰ গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  সমাগত পৰিষদীয় নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আন এক বিস্ফোৰণ ঘটালে কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই৷ সাংসদ শৰণীয়াৰ গুৰুতৰ অভিযোগ আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ বিৰুদ্ধে৷ নিজৰ হাতত তথ্য–প্রমাণ থকাৰ দাবী কৰি আজি এখন সংবাদ মেলত সাংসদ শৰণীয়াই কয়– অনুপ চেতিয়াৰ নেতৃত্বত আলোচনাপন্থী আলফাৰ এটা দলে বিটিএডিত একাংশ ৰাজনৈতিক দলৰ হৈ কাম কৰি আছে৷ আলোচনাপন্থী আলফাৰ কিছুমান কেডাৰক টকা–পইচা, সা–সুবিধা দি এনেধৰণৰ কামত জড়িত কৰাইছে৷ ইতিমধ্যে আমি এইক্ষেত্রত যথেষ্ট প্রমাণ যোগাৰ কৰিছোঁ৷ তদুপৰি আমাৰ অবড়ো সুৰক্ষা সমিতিৰ তৰফৰ পৰা সংগঠনৰ মুৰব্বীক লিখিতভাৱে এই বিষয়ে অৱগত কৰোৱা হৈছে৷ এই সন্দর্ভত অপৰাধ সংক্রান্তীয় গোচৰ ৰুজু কৰিব পাৰি নেকি, সেই বিষয়টোও আমি চাই আছোঁ৷ কাৰণ এতিয়া বিটিএডিত নির্বাচনী আচৰণবিধি বলৱৎ হৈ আছে৷ সেয়েহে অপৰাধ সংক্রান্তীয় গোচৰ ৰুজু নহয়৷ কিন্তু তেওঁলোকে কাৰ কাৰ পৰা টকা লৈছে, ক’ত ক’ত মানুহৰ মাজত কেনেকৈ টকা বিলাইছে বা কেনেকৈ মানুহক প্রলোভিত কৰিছে তাৰ তথ্যবোৰ যোগাৰ কৰি থৈছোঁ৷ আমি হয়তো নির্বাচন শেষ হোৱাৰ পাছতেই সেই সন্দর্ভত অপৰাধ সংক্রান্তীয় গোচৰ ৰুজু কৰা আৰম্ভ কৰিম৷ এই প্রসংগতে কোব্রা, এছটিএফ, কেএল’ আদি সশস্ত্র সংগঠনৰ সমস্যা সমাধানৰ তেওঁ দাবী উত্থাপন কৰে৷ সাংসদ শৰণীয়াই অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ ছমহীয়া ম্যাদ অন্ত পৰাৰ পূর্বেই বিটিচিৰ নির্বাচন অনুষ্ঠিত কৰাৰো দাবী জনায়৷ এই প্রসংগত তেওঁ কয়– সাংবিধানিক বাধ্যবাধকতাৰ বাবে আমি ৰাজ্যপালৰ শাসনক আদৰণি জনাইছিলোঁ৷ কিন্তু তাৰ মানে এইটো নহয় যে ৰাজ্যপালৰ শাসন বিটিচিত দীঘলীয়া হওক৷ আমি বিচাৰিছোঁ ২৭ অক্টোবৰৰ ভিতৰত ক’ভিড–১৯ৰ গাইডলাইন পালন কৰি বিটিচি নির্বাচন অনুষ্ঠিত হ’ব লাগে৷ ৰাজ্য চৰকাৰৰ দুই–এজন মন্ত্রীয়ে ক’ভিড প্রট’কল ভংগ কৰি বিটিএডিত নির্বাচনী প্রচাৰ চলোৱাৰো তেওঁ অভিযোগ উত্থাপন কৰে৷ তেওঁৰ মতে, ইয়াৰ ফলত জনসাধাৰণৰ মাজত ক’ভিড–১৯ সংক্রমণৰ শংকা সৃষ্টি হোৱাৰ সমান্তৰালভাৱে নির্বাচন স্থগিত ৰখাৰ সম্ভাৱনাই দেখা দিছে৷ বিটিআৰ চুক্তিক লৈও আজিৰ সংবাদ মেলত সৰৱ হৈ পৰে কোকৰাঝাৰৰ নির্দলীয় সাংসদজন৷ তেওঁ কয়– শেহতীয়াকৈ কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে ৰাজ্য চৰকাৰে আলোচনাত মিলিত হৈছিল বিশেষকৈ বিটিআৰ চুক্তি কার্যকৰী কৰাৰ বাবে৷ কিন্তু বিটিআৰ চুক্তি সম্পাদনৰ পাছতে বিটিচিত আৰম্ভ হোৱা গণ আন্দোলনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে আমাৰ এখন সভা হৈছিল৷ সেই সভাতে পৰৱর্তী নির্বাচনৰ পাছত বিটিচিত থকা বিভিন্ন জাতীয় দল–সংগঠন বিশেষকৈ অবড়ো দল–সংগঠনৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রীৰ আলোচনা অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত হৈছিল৷ কিন্তু ক’ভিড পৰিস্থিতিৰ কাৰণে নির্বাচন পিছুৱাই গ’ল৷ সেয়েহে আমি ৰাজ্য চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ– বিটিচিত এতিয়া নির্বাচনী আচৰণবিধি বলৱৎ আছে৷ এই সময়ত যদি বিটিআৰ চুক্তি কার্যকৰী কৰাৰ পদক্ষেপ লয়, তেন্তে কোনোবা ৰাজনৈতিক পক্ষই অনৈতিকভাৱে তাৰ সুবিধা ল’ব পাৰে৷ সেয়েহে যিমান পাৰি সোনকালে বিটিচি নির্বাচন অনুষ্ঠিত কৰক৷ তাৰ পাছত বিটিআৰ সন্দর্ভত উভয় পক্ষৰ বা ত্রিপাক্ষিক যিবোৰ আলোচনা আছে, তাত কথাবোৰ পতাৰ পাছতহে তেওঁলোকে সিদ্ধান্ত গ্রহণ কৰক৷ কাৰণ বিটিআৰ চুক্তিৰ কেইবাটাও বিষয়ক লৈ আমাৰ আপত্তি আছে৷

বিটিআৰ চুক্তিৰ জৰিয়তে গাঁও কর্তনৰ কথা উল্লেখ কৰাৰ প্রসংগ উত্থাপন কৰি তেওঁ পুনৰ কয়– প্রকৃততে ইয়াত নিহিত উদ্দেশ্যটো হ’ল গাঁও অন্তর্ভুক্তি৷ ইতিমধ্যে বিটিচিৰ লগত লাগি থকা বিভিন্ন প্রান্তৰ বড়ো অধ্যুষিত গাঁওবোৰ অন্তর্ভুক্তৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বিটিআৰ চুক্তিৰ পৰিৱর্তে আদালতে কোৱা ধৰণেহে গাঁও কর্তনৰ আয়োগ গঠন হোৱাটো আমি বিচাৰিছিলোঁ৷ কাৰণ এই আয়োগত অকল গাঁও কর্তনেই নহয়, অন্তর্ভুক্তিৰ বিষয়টোও আছে৷ যেতিয়ালৈকে বিটিচি নির্বাচন অনুষ্ঠিত নহয়, তেতিয়ালৈকে বিটিআৰ চুক্তি কার্যকৰী নকৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়৷ আৰু যদি কার্যকৰী কৰেও, তেন্তে বিটিআৰ চুক্তি স্বাক্ষৰৰ সময়ত বিশ্বাসত নোলোৱা অবড়ো সুৰক্ষা সমিতিকে ধৰি অনা–বড়ো জাতীয় দল–সংগঠনসমূহ সৈতে আলোচনা কৰি সহমতত উপনীত হোৱাৰ পাছতহে চুক্তি কার্যকৰী কৰাৰ তেওঁ পোষকতা কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত এক গুৰুত্বপূর্ণ মন্তব্য কৰে সাংসদ শৰণীয়াই৷ এই সন্দর্ভত তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ মূল কাৰণটোৱেই হ’ল জনজাতিকৰণ হ’লে বিটিএডিত ছয় জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, চাকৰি আদি সকলোতে সংৰক্ষণৰ ব্যৱস্থা হ’ব৷ কিন্তু বিটিচিৰ প্রমোদ বড়ো, হাগ্রামা মহিলাৰী, চন্দন ব্রহ্ম আৰু প্রমীলাৰাণী ব্রহ্মকে ধৰি বড়ো ৰাজনীতি কৰাসকলে অন্য জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে৷ বিটিআৰ চুক্তিমর্মে বিটিচিৰ পৰিষদীয় সমষ্টিৰ সংখ্যা ৬০টালৈ বৃদ্ধি পালেও ইয়াৰ সংৰক্ষণ পূর্বৰ অনুপাততেই হ’ব বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই৷ তেওঁৰ মতে, ৬০টা সমষ্টিৰ ৪৫টাই জনজাতিৰ বাবে সংৰক্ষিত থাকিব৷ ৮টা বা ৭টাহে সাধাৰণ শ্রেণীৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে আন ৮টা বা ৭টা সকলোৰে বাবে মুকলি ৰখা হ’ব৷ সাংসদ শৰণীয়াৰ স্পষ্ট প্রশ্ণ– বিটিচিত থকা অবড়ো লোকসকল কি কাৰণত ৰাজনৈতিকভাৱে বঞ্চিত হ’ব? তেওঁলোক ভাৰতীয় নাগৰিক নহয় নেকি? ইফালে, বিটিএডিত অসমীয়াক সহযোগী ভাষা কৰাৰ সিদ্ধান্তক লৈও তেওঁ পুনৰ প্রতিক্রিয়া ব্যক্ত কৰে৷ সাংসদ শৰণীয়াই কয়– একো নহ’লেও বিটিএডিত অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে লৈ আমি ১৫ শতাংশ অবড়ো লোক একত্রিত হৈ আছিলোঁ৷ কেৱল অসমীয়াভাষী বুলিয়েই নহয়, তাত যিসকলে ঘৰত বাংলা, নেপালী, চাওতাল আদি ভাষা কয় সকলোৱে অসমীয়া ভাষাতে লিখা–পঢ়া কৰিছিল৷ এতিয়া অসমীয়াক সহযোগী ভাষা কৰাৰ প্রভাৱ কি হ’ব, সেয়া হয়তো আজি গুৱাহাটীত থকা বহু বুদ্ধিজীৱী, শুভাকাংক্ষীয়ে বুজি পোৱা নাই৷ আমি আচৰিত হৈছোঁ, অসম সাহিত্য সভাকে ধৰি যিমান জাতীয় দল–সংগঠন, বুদ্ধিজীৱীকে ধৰি বিশিষ্ট ব্যক্তি আছে, তেওঁলোকে কিন্তু এই বিষয়ে এষাৰো মাত মতা নাই৷ পিছে আমি অকলে যুঁজি হ’লেও এই অধিকাৰ সাব্যস্ত কৰিম৷ উল্লেখ্য যে আজিৰ সংবাদ মেলখনত গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ নেতৃবৃন্দও উপস্থিত আছিল৷

You might also like