নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত একালৰ ছাত্ৰ নেতা; স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ  এজন চফল ডেকা । নাম তেওঁৰ বিকাশ ৰঞ্জন শৰ্মা।ঘৰ যোৰহাট জিলাৰ হাতীগড় মৌজাৰ বালিচাপৰি বৰখাত গাঁৱত।মাতৃ আৰু এজন ভাতৃৰ সতে এটা সৰু ঘৰত বাস কৰে তেওঁ। সৰুৰেপৰাই বিভিন্ন সামাজিক অনুষ্ঠানত ওতঃপ্ৰোত ভাবে জড়িত যুৱক জন কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰিব লগা হৈছিল। হঠাৎ তেওঁৰ জীৱনলৈ নামি আহে এক ঘোৰ অমানিসা। কিছু দিনৰ পৰা শাৰীৰিক অসুস্থতাৰ কথা উপলব্ধি কৰিব পাৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ কাষ চপাত চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত দুয়োটা কিডনী বিকল হৈছে বুলি অৱগত কৰে আৰু লগতেই উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ কথা অৱগত কৰে পৰিয়ালক। কথাকেইষাৰ শুনি পৰিয়ালটোৰ মূৰত যেন আকাশী স্বৰগ ভাগি পৰে।এখন সৰু শাক পাচলিৰ ব্যৱসায়ৰ পৰা কোনো ৰকমে পৰিয়াল পোহপাল দি থকা যুৱক জনৰ এনে বাতৰিয়ে হঠচকিত কৰি তুলিলে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিকাশ ৰঞ্জন শৰ্মা বৰ্তমান শৰ্যাশায়ী।

উন্নত চিকিৎসাৰ বাবে বিকাশৰ পৰিয়ালত আৱশ্যক হ’ব কেইবা লক্ষ্যাধিক টকা। নিতৌ আনৰ দুখৰ সমভাগী হোৱা স্বাস্হ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ সহায় ভিক্ষা কৰিছে হতভগীযা পৰিয়াটোৱে আৰু আশাৰে বাট চাই ৰৈছে | তাৰোপৰি সমাজৰ কোনো সুহৃদয়বান লোকে পৰিয়ালটিলৈ কিঞ্চিৎ হ’লেও সকাহ দিবলৈ যদি আগবাঢ়ি আহে তেন্তে তেও বিকাশৰ মাতৃৰ একাউন্ট নাম্বাৰ 3498574464 ,IFSC CODE : SBIN0009436 আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে।

You might also like