নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান প্রিমিয়াৰ লীগত ছিক্সাৰৰ বৰষুণ, ১০খন মেচত ১৫৩টা ছিক্সাৰ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ দীর্ঘ প্রতীক্ষাৰ অন্তত ইউ এ ইত আৰম্ভ হোৱা আই পি এলত ৰানৰ জোৱাৰ উঠিছে৷ প্রতিখন মেচতে ছিক্সাৰৰ বৰষুণে ক্রিকেট অনুৰাগীক আপ্লুত কৰিছে৷ প্রায় এসপ্তাহ অতিক্রম কৰা ঐশ্বর্যশালী টি–২০ লীগত সোমবাৰলৈকে মাত্র ১০খন মেচহে অনুষ্ঠিত হৈছে যদিও ক্রিকেট অনুৰাগীয়ে ১৫৩টাকৈ বিশাল ছিক্সাৰ উপভোগ কৰাৰ সুযোগ পাইছে৷ ইয়াৰে ৬২টা শ্বাৰজাহ ক্রিকেট ষ্টেডিয়াম, ৩৩টা আবু ধাবি ষ্টেডিয়াম আৰু ৫৮টা ছিক্সাৰ ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে৷

শ্বাৰজাহৰ তুলনামূলকভাৱে সৰু গ্রাউণ্ডত বেটছমেনে বিস্ফোৰক ৰূপ ধাৰণ কৰি মাত্র দুখন মেচত ৬২টা ছিক্সাৰ কোবাই ক্রিকেট অনুৰাগীক শিহৰিত কৰিছে৷ এই গ্রাউণ্ডত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত মেচখনত মুঠ ৩৩টা ছিক্সাৰ দেখিবলৈ পোৱা যায়৷

ৰাজস্থান ৰয়েলছ আৰু কিংছ একাদশ পঞ্জাবৰ মাজত অনুষ্ঠিত দ্বিতীয়খন মেচতো দুয়োটা দলৰ বেটছমেনে ২৯টা ছিক্সাৰ কোবায়৷ ইফালে, এতিয়ালৈকে পাঁচখন মেচ অনুষ্ঠিত হোৱা ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত বেটছমেনে ৫৮টা ছিক্সাৰ কোবাইছে৷

উল্লেখ্য যে এইখন হ’ল ইউ এ ইৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম৷ আবু ধাবি ক্রিকেট ষ্টেডিয়ামৰ পৰিধিও যথেষ্ট বৃহৎ৷ এই ষ্টেডিয়ামত এতিয়ালৈকে তিনিখন মেচ অনুষ্ঠিত হৈছে আৰু ৩৩টা ছিক্সাৰ দেখিবলৈ পোৱা গৈছে৷ মন কৰিবলগীয়া যে ভাৰতত মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে এইবাৰৰ আই পি এল ইউনাইটেড আৰব এমিৰেটছলৈ স্থানান্তৰ কৰা হৈছে৷

You might also like