নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ চলচ্চিত্র মহোৎসৱ

ক’ৰোনা মহামাৰীয়ে পৃথিৱীৰ বহু কথা সলনি কৰি দিছে৷ একেদৰে আধুনিক সংস্কৃতিৰ অন্যতম চর্চাভূমি চলচ্চিত্র মহোৎসৱবোৰৰো আয়োজনৰ চৰিত্র সলনি হৈ গ’ল৷ পৃথিৱীৰ আগশাৰীৰ কেইবাটিও চলচ্চিত্র মহোৎসৱে প্রেক্ষাগৃহৰ পৰিৱর্তে অনলাইন ব্যৱস্থাত মহোৎসৱৰ আয়োজন কৰি মহোৎসৱবোৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে৷ ভাৰততো ৰাষ্ট্রীয় চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান আয়োজিত নহ’ল যদিও এতিয়া আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ আয়োজন কৰাৰ প্রস্তুতি চলাইছে আৰু পূর্বৰ নৱেম্বৰৰ পৰিৱর্তে জানুৱাৰী মাহত পতাৰ আয়োজন কৰিছে৷ বাংগালুৰু, ৰাজস্থান আদিতো সীমিত আয়োজনৰ মাজত চলচ্চিত্র মহোৎসৱ পতাৰ আয়োজন চলি আছে৷

অকল ইমানেই নহয়, দেশ–বিদেশৰ কেইবাটিও সংগঠনে অনলাইন ফিল্ম ফেষ্টিভেল পাতি চলচ্চিত্র চর্চাৰ পৰিৱেশ সজীৱ কৰি ৰখাৰ ব্যৱস্থা কৰি আহিছে আৰু বিশ্বৰ বিভিন্ন প্রান্তত এনে মহোৎসৱ চলিয়েই আছে৷ অসম চৰকাৰে ‘গুৱাহাটী আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ৰ আয়োজন কৰি চলচ্চিত্র চর্চাৰ এটি পৰিৱেশ সৃষ্টি কৰাত আগভাগ লৈছিল আৰু তিনি বছৰতে এই মহোৎসৱটিয়ে সর্বভাৰতীয় স্তৰত এটি চিনাকি অর্জন কৰিবলৈ সক্ষম হৈছিল৷ উৎসাহী চৰকাৰে তথ্যচিত্র আৰু শিশু চলচ্চিত্রৰো একোটি মহোৎসৱৰ আয়োজন কৰিছিল যদিও বিভিন্ন কাৰণত সেই দুটি মহোৎসৱ সফল হ’ব পৰা নাছিল৷ কিন্তু সামগ্রিকভাৱে গুৱাহাটী আন্তর্জাতিক চলচ্চিত্র মহোৎসৱে অসমৰ ৰাইজক, অকল অসমৰে নহয়, সমগ্র উত্তৰ–পূবৰ দর্শকক এটা বিশাল আয়োজনৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ লগত পৰিচয় কৰাই দিছিল৷

ইয়াৰ আগতে অসম, মণিপুৰ, মেঘালয় আদি ৰাজ্যত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ নামেৰে বিভিন্ন মহোৎসৱ চলি আছিল যদিও আকৃতি আৰু অৱয়বৰ দিশৰ পৰা সেইবোৰ আছিল আন্তর্জাতিক ছবিৰ অনুষ্টুপীয়া প্রদর্শন৷ সেই আটাইবোৰ চলচ্চিত্র উৎসৱ আয়োজিত হৈছিল একোটা সৰু সংগঠনৰ দ্বাৰা, তেওঁলোকৰ পুঁজি আছিল নিশকতীয়া আৰু কোনো কাৰণতে তেওঁলোকৰ দ্বাৰা বিশাল আকাৰৰ মহোৎসৱ সম্ভৱ হোৱাৰ কথা নাছিল৷ কিন্তু চৰকাৰৰ বাবে সেই অসুবিধা নাছিল৷ সোণোৱাল চৰকাৰৰ আগ্রহতে সেই বিশাল আয়োজনৰ মহোৎসৱ অনুষ্ঠিত হৈছিল আৰু দেশ আৰু দেশৰ বাহিৰৰ চলচ্চিত্র জগতত অসমৰ নাম সন্মানজনকভাৱে চিহ্ণিত হৈছিল৷
ৰাজহ আগমনৰ পৰিমাণেৰে চলচ্চিত্র মহোৎসৱৰ সফলতা বিচাৰ কৰা নহয়, বিচাৰ কৰা হয় ইয়াৰ কলাগত দিশৰ সফলতা আৰু প্রচাৰৰ ব্যাপ্তিৰ পৰা৷ এই দুয়ো দিশৰ পৰাই গুৱাহাটী আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ সঠিক পথেৰেই আগবাঢ়িছিল৷ সময়ৰ লগে লগে ইয়াৰ ব্যাপ্তি আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই বহন কৰিছিল৷ অসম চৰকাৰে চলচ্চিত্রৰ উন্নয়নৰ বাবে দুটাকৈ সংগঠন গঠন কৰিছে, চৰকাৰ পৰিচালিত এটি ফিল্ম ষ্টুডি’ আছে আৰু এখন চলচ্চিত্র শিক্ষাৰ মানবিশিষ্ট বিদ্যালয় আছে৷ এই আটাইবোৰ সংগঠনৰ সঠিক আৰু উপযুক্ত কার্যপ্রণালীৰ সমন্বয়েৰে চলচ্চিত্র মহোৎসৱটিক বিশ্বৰ মানচিত্রত স্থান লাভ কৰা মহোৎসৱলৈ লৈ যোৱাটো খুব কঠিন কাম নাছিল৷ আনহাতে, চলচ্চিত্র শিক্ষাৰ বিদ্যালয়খনৰ ছাত্র আৰু শিক্ষকৰ প্রয়োজনৰ দিশৰ পৰাও এই মহোৎসৱটি গুৰুত্বপূর্ণ আছিল৷ অসম চৰকাৰে এই বছৰৰ মহোৎসৱ আয়োজন কৰাৰ খবৰ এতিয়ালৈকে প্রকাশ পোৱা নাই৷ হয়তো নিশ্চয় কিবা পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাৰ খবৰৰ প্রকাশে মহোৎসৱৰ প্রতি আগ্রহীসকলক উৎসাহী কৰিলেহেঁতেন৷

চলচ্চিত্র মহোৎসৱ অকল চলচ্চিত্রপ্রেমীসকল্ বাবেই নহয়, ই পর্যটকৰ বাবেও আকর্ষণীয় কৰি তুলিব পৰা যায়৷ উৎসৱকেন্দ্রিক পর্যটনে সমগ্র পৃথিৱীতে খলকনি তুলিছে৷ অসমৰ কামাখ্যাৰ অম্বুবাচী মেলাকো পর্যটকৰ বাবে বিশেষ আকর্ষণৰ কেন্দ্র হিচাপে ৰূপান্তৰিত কৰা হৈছে আৰু এই দিশত পর্যটন বিভাগে সফলতাৰো মুখ দেখিছে৷ তেনেদৰে অসমৰ দুটাকৈ বিহু আৰু মাজুলীৰ ৰাস উৎসৱকো পর্যটকৰ আকর্ষণীয় উৎসৱ হিচাপে সজাব পৰা যায়৷ একেই কথা এই চলচ্চিত্র মহোৎসৱৰ ক্ষেত্রতো প্রযোজ্য৷ গোৱাত অনুষ্ঠিত হোৱা ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱে গোৱালৈ অলেখ পর্যটকক টানি নিয়ে আৰু ই গোৱাৰ বাবে পর্যটকক আকর্ষণ কৰা তিনিটা প্রধান উৎসৱৰ এটা হিচাপে পৰিগণিত হৈছে৷ অসম চৰকাৰৰ পর্যটন বিভাগেও এই চলচ্চিত্র মহোৎসৱক এনেদৰে পর্যটন উদ্যোগৰ বিকাশৰ বাবে প্রয়োগ কৰাৰ সুবিধা গ্রহণ কৰিব লাগে৷

You might also like