নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ অক্টোবৰৰ পৰা খুলিব চিনেমা হল ছুইমিং পুল–পার্ক

৩১ অক্টোবৰলৈকে আনলক–৫.০

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ   আজিৰে পৰা  পৰা আনলক–৫.০৷ ৩১ অক্টোবৰলৈকে বলৱৎ হৈ থাকিবলগীয়া আনলক–৫.০ৰ নির্দেশনা জাৰি কৰিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বন্ধ হৈ থকা বাণিজ্যকে ধৰি বিভিন্ন কার্যকলাপত পূর্বৰ আনলক–৪.০তকৈ কিছু শিথিলতা বৃদ্ধিৰে আনলক–৫.০ৰ নির্দেশনা জাৰি কৰে৷ কনটেইনমেণ্ট জ’নত ৩১ অক্টোবৰলৈকে লকডাউন কঠোৰভাৱে বলৱৎ হৈ থকাৰ বিপৰীতে কনটেইনমেণ্ট জ’নৰ বাহিৰত নতুন নির্দেশনাত শিথিলতা প্রদান কৰিছে৷ এই নির্দেশনা অনুসৰি ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ আসনেৰে চিনেমাগৃহ, থিয়েটাৰ আৰু মাল্টিপ্লেক্সসমূহ খোলাত অনুমতি প্রদান কৰা হৈছে৷ অৱশ্যে ইয়াৰ বাবে তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে এছ অ’ পি জাৰি কৰিব৷ ইপিনে খেলুৱৈৰ প্রশিক্ষণৰ বাবে ১৫ অক্টোবৰৰ পৰাই ছুইমিং পুল পুনৰ খোলাৰ অনুমতি প্রদান কৰাৰ লগতে বিনোদন উদ্যান (এণ্টাৰটেইনমেণ্ট পার্ক) খুলিব৷ আনপিনে ১৫ অক্টোবৰৰ পৰাই শৈক্ষিক প্রতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, ক’চিং চেণ্টাৰ আদি পর্যায়ক্রমে পুনৰ খোলাৰ ক্ষেত্রত ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহে সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ তদুপৰি উচ্চ শিক্ষাৰ প্রতিষ্ঠান বিশেষকৈ মহাবিদ্যালয় খোলাৰ সময়ৰ ক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে পৰামর্শ অনুসৰি কর্তৃপক্ষই সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ গুৰুত্বপূর্ণ যে অনলাইন আৰু দূৰ শিক্ষণক প্রাধান্য আৰু উৎসাহিত কৰা হ’ব৷ ইপিনে ১৫ অক্টোবৰৰ পৰাই বিজনেছ টু বিজনেছ তথা বাণিজ্য প্রদর্শনী মুকলি কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰা হৈছে৷ লক্ষণীয় যে নতুন নির্দেশনা অনুসৰি ১৫ অক্টোবৰৰ পাছৰ পৰা সামাজিক, শৈক্ষিক, ক্রীড়া, বিনোদন, সাংস্কৃতিক, ধর্মীয়, ৰাজনৈতিক আৰু আন কার্যসূচীৰ ক্ষেত্রত ১০০জনৰ উপস্থিতিৰ বিপৰীতে ইয়াতকৈ অধিক সমাগমৰ অনুমতি দিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহে সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ তাৎপর্যপূর্ণ যে বাণিজ্য প্রদর্শনী খোলাৰ ক্ষেত্রত বাণিজ্য বিভাগৰ এছ অ’ পি, ছুইমিং পুলৰ ক্ষেত্রত যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়, বিনোদন পার্ক আৰু তেনে প্রতিষ্ঠানসমূহ মুকলি কৰাৰ ক্ষেত্রত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ এছ অ’ পি মানি চলিব লাগিব৷ আনহাতে, আনলক–৪.০ৰ নির্দেশনাসমূহো সমান্তৰালভাৱে চলি থাকিব৷

You might also like