নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ শাখাতিত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ কামৰূপ জিলাৰ বকোৰ শাখাতিত কালি পুৱা উদ্ধাৰ হয় তেজে তুমৰলি হৈ থকা এজন অচিনাক্ত লোকৰ মৃতদেহ৷ শাখাতিৰ গোপালপুৰ উপপথৰ দাঁতিত পৰি থকা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো৷ লগে লগে স্থানীয় ৰাইজে বকো আৰক্ষীক খবৰ দিয়ে আৰু বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ বকো থানাৰ উপ–পৰিদর্শক আফজাল হুছেইনে ঘটনা সন্দর্ভত প্রাথমিক তদন্ত আৰম্ভ কৰে৷

আনহাতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ উপ–পৰিদর্শক আফজাল হুছেইনে জানিবলৈ দিয়ে যে ডিঙিত চোকা অস্ত্রৰে হানি নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পেলাই থৈ যায় পথৰ কাষত৷ মৃতদেহটোৰ ডিঙিত এডাল বৈদ্যুতিক তাঁৰ বন্ধা আছিল বুলিও তেওঁ জনায়৷ আৰক্ষী, স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে যে দুষৃকতিকাৰীয়ে লোকজনক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছে৷

ইতিমধ্যে বকো আৰক্ষীয়ে তদন্ত কৰি মৃতদেহটো চিনাক্ত কৰে৷ মৃতদেহটো লক্ষীপুৰৰ আবু তালেব আলী (৩৫) বুলি চিনাক্ত কৰ হৈছে৷ তেওঁ চলাই অহা মাৰুতি ছুইফট ডিজায়াৰখন গোৱালপাৰা জিলাৰ নৰনাৰায়ণ সেতুৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে গোৱালপাৰা আৰক্ষীয়ে৷

You might also like