আবু ধাবিত আজি মুম্বাইৰ সন্মুখত পঞ্জাব
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আজি আবু ধাবিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু কিংছ একাদশ পঞ্জাবে৷ এই মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ মেচখনত বিজয় সাব্যস্ত কৰি জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্য দুয়ো দলৰ৷ কিয়নো, বিগত মেচত দুয়োটা দলে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্তত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয়৷ কিংছ একাদশ পঞ্জাব ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ ছুপাৰ অ’ভাৰত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত পৰাস্ত হয়৷ গতিকে কাইলৈ এই মেচখনক দুয়োটা দলে অতি গুৰুত্বসহকাৰে লৈছে৷
আজিৰ মেচখনত পঞ্জাবৰ অধিনায়ক লোকেশ ৰাহুলক লৈ চিন্তিত হৈ পৰিছে মুম্বাই ইণ্ডিয়ানছ৷ প্রতিযোগিতাখনত এতিয়ালৈকে ৰাহুলে দুর্দান্ত প্রদর্শন দাঙি ধৰিছে৷ মেচখনত মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত বিশেষ সালসলনি নহয় বুলি উল্লেখ কৰি দলটোৰ অধিনায়ক ৰোহিত শর্মাই কয় যে প্রতিযোগিতাখনত বর্তি থকাৰ বাবে কাইলৈৰ মেচখনত জয়লাভ কৰাটো আমাৰ বাবে অতিকৈ প্রয়োজন৷ এতিয়াই যদি আমি মেচবোৰক গুৰুত্বসহকাৰে নলওঁ, তেতিয়াহ’লে পৰৱর্তী সময়ত আমি বিপদত পৰাটো খাটাং৷ কিৰণ পোলার্ড আৰু ঈশান কিশনৰ পৰা কাইলৈও দীঘলীয়া ইনিংছৰ আশা কৰিছে ৰোহিত শর্মাই৷
ইফালে, কিংছ একাদশ পঞ্জাবৰ অধিনায়ক লোকেশ ৰাহুলো মেচখনক লৈ আশাবাদী৷ বিগত মেচখনত ৰাজস্থানৰ হাতত পৰাস্ত হ’লেও আমাৰ খেলুৱৈসকলৰ মনোবল হ্রাস পোৱা নাই৷ হাই ভ’ল্টেজ মেচ এখনত আমি পৰাস্ত হৈছোঁ৷ ইয়াৰ বাবে খেলুৱৈসকলক দোষাৰোপ কৰিব নোৱাৰি৷ আশা কৰিছোঁ আজিৰ মেচখনতো সতীর্থসকলৰ পৰা পূর্ণ সহযোগ লাভ কৰিম আৰু মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিম৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷