অক্টোবৰৰ শেষলৈ কমিব ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ৰাজ্যত অক্টোবৰৰ শেষলৈ কমিব ক’ৰোনা আক্ৰান্তৰ সংখ্যা। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ৰাইজে যদি সামাজিক দূৰত্ব মানি মাস্ক পৰিধান কৰি থাকিলে ক’ৰোনা সংক্ৰমণ নিশ্চিতভাৱে হ্ৰাস হ’ব।
বিগত দুদিনত হোৱা ক’ৰোনাৰ টেষ্টে ইয়াৰ এটা প্ৰাৰম্ভিক ইংগিত দিছে। কিন্তু দুৰ্গা পূজাৰ সময়ত যদি নিজকে আমি এৰি দিওঁ তেন্তে আশা কৰা ধৰণে নহ’ব পৰিবেশটো। আমি যদি অক্টোবৰ মাহটো নিজক নিয়ন্ত্ৰণ কৰো তেন্তে আক্ৰান্তৰ সংখ্যা বহুগুণে হ্ৰাস পাব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।