নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ ছত্তিশগড়ৰ বিধায়ক ভীমা মান্দাভিৰ হত্যাকাণ্ডত জড়িত থকা বুলি ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই ৩৩গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ আনিছে৷ এই ৩৩জন লোক নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী)ৰ সদস্য৷ নিয়াৰ তৰফৰ পৰা আদালতত দাখিল কৰা হৈছে চার্জশ্বীট৷
উল্লেখনীয় যে ২০১৯ চনত ডাণ্টেৱাৰা জিলাৰ শ্যামগিৰি গাঁৱত আইইডি বিস্ফোৰণ ঘটাই মাওবাদী বিদ্রোহীয়ে মান্দাভিক হত্যা কৰিছিল৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে ৬জন লোকক গ্রেপ্তাৰ কৰিছে যদিও ২২জন পলাতক অৱস্থাত আছে৷ ইফালে, এই হত্যাকাণ্ডৰ ঘটনাত জড়িত থকা ৫জন মাওবাদী সদস্যৰ ইতিমধ্যে মৃত্যু হৈছে৷