নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছত সংঘটিত শিহৰণকাৰী গণধর্ষণ আৰু হত্যাৰ ঘটনাক লৈ দেশজুৰি উত্তাল প্রতিবাদ অব্যাহত থকাৰ সময়তে ৰাজ্যখনৰ বলৰামপুৰত সংঘটিত অনুৰূপ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷
উল্লেখনীয় যে মঙলবাৰে দলিত সম্প্রদায়ৰ ২২ বছৰীয়া যুৱতী এজনীক দুর্বৃত্তই ধর্ষণ কৰি হত্যা কৰিছিল৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে দুজন লোকক গ্রেপ্তাৰ কৰিছে যদিও যুৱতীগৰাকীৰ পৰিয়ালে পাশৱিক আতিশয্যৰ ঘটনাত কেইবাটাও দুর্বৃত্ত জড়িত হৈ থকা বুলি সন্দেহ কৰিছে৷ আৰক্ষীৰ কাম–কাজক লৈ ইতিমধ্যে ধর্ষিতা যুৱতীগৰাকীৰ পৰিয়ালে সন্দেহ প্রকাশ কৰিছে৷
শেহতীয়াকৈ সংবাদ মাধ্যমক পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰা অনুসৰি পাশৱিক ধর্ষণ কার্যত কেইবাটাও দুর্বৃত্ত জড়িত হৈ আছিল৷