নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মনির্ভৰ ভাৰতৰ নতুন দৃষ্টান্ত ‘অটল টানেল’! নিমিষতে লাদাখ পাবগৈ সেনাৰ অস্ত্রশস্ত্র

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ শনিবাৰে হিমাচল প্রদেশৰ মানালিস্থিত লাহুল-স্পিতি উপত্যকাৰ পর্যন্ত বিস্তৃত ৯.০২ কিমি দৈৰ্ঘৰ অটল টানেলৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে।

প্রকল্পটো মুখ্য অভিযন্তা কেপি পুৰুষোত্তমে জনাইছে, এই সুৰংগ পথটো ‘আত্মনির্ভৰ’ ভাৰতৰ এক উজ্জ্বল দৃষ্টান্ত। এই টানেলৰ জড়িয়তে মানালিৰ পৰা লেহৰ মাজৰ দূৰত্ব ৪৬ কিমি কমি যাব। লগে লগে যাতায়তৰ সময়ো কমিব প্ৰায় চাৰিৰ পৰা পাঁচ ঘণ্টা।

ইপিনে এই অটল টানেলত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক প্রযুক্তি। টানেলৰ ভিতৰত অক্সিজেনৰ মাত্রা স্বাভাবিক ৰাখিবলৈ আছে বিশেষ প্রযুক্তিৰ ব্যৱহাৰ। লগতে অগ্নি নির্বাপণৰ বাবে আছে পানীৰ পাইপলাইন। আনহাতে প্রতি ২৫০ মিটাৰ অন্তৰত থাকিব চিচিটিভি কেমেৰা। যাৰ সহায়ত প্ৰতিনিয়ত টানেলৰ ভিতৰত চকু ৰখা হ’ব।

এই টানেলৰ ফলত সকলোতকৈ বেছি সুবিধা হ’ব সেনাৰ। ইয়াৰ মাজেৰে লাদাখ পর্যন্ত সহজেই যাতায়ত কৰিব পৰা যাব। অস্ত্রশস্ত্র আৰু খাদ্য সামগ্ৰী অনায়াসেই সীমান্তলৈ নিব পৰা যাব । যাৰ বাবে দেশৰ প্রতিৰক্ষাৰ ক্ষেত্রত নিঃসন্দেহে অটল টানেলৰ তাৎপর্য অসীম।

You might also like