নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত খেলুৱৈক ফিক্সিঙৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ মেচ ফিক্সিং কেলেংকাৰিয়ে কেইবাবাৰো জোকাৰি যোৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগক পুনৰ লক্ষ্য কৰি লৈছে ক্রিকেট জুৱাৰী, বুকীৰ দৰে একাংশ দুষ্ট চক্রৰ লোকে৷ শেহতীয়াকৈ জানিব পৰা অনুসৰি সম্প্রতি ইউনাইটেড আৰব এমিৰেটছত চলি থকা আই পি এলত এগৰাকী খেলুৱৈয়ে মেচ ফিক্সিঙৰ প্রস্তাৱ লাভ কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ দুর্নীতিবিৰোধী গোটৰ মুৰব্বী অজিত সিঙে আজি এই কথা জানিবলৈ দিছে৷ ৰাজস্থান আৰক্ষীৰ প্রাক্তন ডি জি পিগৰাকীয়ে কয় যে অনলাইনৰ জৰিয়তে আই পি এলৰ এগৰাকী খেলুৱৈক কোনো দুষ্ট চক্রই মেচ ফিক্সিঙৰ প্রস্তাৱ আগবঢ়াইছে৷ খেলুৱৈগৰাকীয়ে লগে লগে ব’ডক বিষয়টো অৱগত কৰায় আৰু ব’ডৰ দুর্নীতিবিৰোধী গোটে ইতিমধ্যে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে৷ দুর্নীতিবিৰোধী প্রট’কল অনুসৰি খেলুৱৈগৰাকীৰ নাম অথবা ফ্রেঞ্চাইজীটোৰ নাম ঘোষণা কৰাৰ পৰা ব’ড বিৰত আছে৷ মন কৰিবলগীয়া যে সাম্প্রতিক সময়ৰ খেলুৱৈসকল ছ’চিয়েল মিডিয়াত অধিক ব্যস্ত থকাৰ বাবে একাংশ দুষ্ট চক্রই তেওঁলোকক ইনষ্টাগ্রাম অথবা টুইটাৰৰ জৰিয়তে মেচ ফিক্সিঙৰ প্রস্তাৱ আগবঢ়োৱাৰ অভিযোগ উঠিছে৷ ব’র্ডে এই সন্দর্ভত ইতিমধ্যে প্রতিটো দলৰ খেলুৱৈৰ মাজত সজাগতামূলক কার্যসূচী আয়োজন কৰিছে৷

You might also like