নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে’

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ আগত অসমৰ খিলঞ্জীয়া ভূমিহীন সকলক ভূমিপট্টা দি জাতি-মাটি-ভেটি ৰক্ষা কৰিব বুলি যি কথা দিছিল সেই কথা আজি আখৰে আখৰে পালন কৰি সমগ্ৰ অসমত ভুমিহীন খিলঞ্জীয়া লোকক যি মাটিপট্টা প্ৰদানৰ যি প্ৰতিশ্ৰুতি সেয়া আখৰে আখৰে পালন কৰিলে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কথা দি কথা ৰাখিলে-” এইদৰে আজি মন্তব্য কৰিলে ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে।

ৰহা মীন মহাবিদ্যালয়ৰ প্ৰফেচৰ কমলমল্ল বুজৰবৰুৱা প্ৰেক্ষাগৃহত আজি অসমৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত আৰু  নগাঁও জিলা প্ৰশাসন আৰু ৰহা ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আয়োজিত খিলঞ্জীয়া ভূমিহীন সকলক মাটিপট্টা আৱন্টন পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে লগতে কয় যে, অসমৰ খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা প্ৰদানত মুখ্যমন্ত্ৰী সোণোৱালৰ যি দায়িত্ব সেয়া পালন কৰিছে আৰু অসমৰ প্ৰতিজন নাগৰিকৰ বাবে উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে। অকণিৰ কবিতা ঘৰ অসমৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁতধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে ৰহা ৰাজহচক্ৰ বিষয়া ডাঃ প্ৰিয়ংকা বণিয়াই।

আদৰণি ভাষণত ৰাজহচক্ৰ বিষয়া গৰাকীয়ে ৰাজহচক্ৰৰ এলেকাধীন এশ নব্বৈ গৰাকী খিলঞ্জীয়া ভূমিহীন লোকক মাটিপট্টা প্ৰদান কৰা ঘোষণা কৰে। অন্যহাতে সভাত উপস্থিত থাকি ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ কৃষ্ণকান্ত তামুলীয়ে  ভূমিহীন সকলক মাটি পট্টা প্ৰদান পদক্ষেপে আজিৰ পৰা সঁচা অৰ্থত ভূমি নিৰাপত্তা প্ৰদান কৰিলে বুলি মন্তব্য কৰে।তদুপৰি চৰকাৰৰ এনে সিদ্ধান্তই পট্টা লাভকৰা সকলো খিলঞ্জীয়া লোকে আজিৰ পৰা এক মানসিক সন্তুষ্টিৰে জীৱন যাপন কৰিব পাৰিব বুলিও মন্তব্য কৰে। ইয়াৰ লগতে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত লাচিত দাসে ভূমি পট্টা লাভ কৰা সকলোকে অনতি পলমে নামজাৰি কৰি ল’বলৈ আহ্বান জনোৱাৰ লগতে কোনো পৰিস্থিতিতে এই ভূমি  বিক্ৰী নকৰিবলৈ আহ্বান জনাই। সভাত মীন মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক সুশান্ত বৰঠাকুৰেও ভাষণ প্ৰদান কৰা লগতে শলাগৰ শৰাই আগবঢ়াই ৰহা সংযোগী ৰাজহ চক্ৰ বিষয়া শম্ভু নাথে।

You might also like