নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ দেশজুৰি আৰম্ভ হ’বলগীয়া দুর্গা পূজা–উৎসৱসমূহ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধী ব্যৱস্থাৰে উদযাপন কৰাৰ ক্ষেত্রত এছ’পি জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনলক–৫.০ অনুসৰি উৎসৱ পালনত শিথিলতাৰে নির্দেশনা জাৰি কৰাৰ পিছত কালি স্বাস্থ্য মন্ত্রালয়ে স্বাস্থ্য বিধিসন্মত নির্দেশনাসহ এছ’পি জাৰি কৰিলে৷ এছঅ’পি অনুসৰি উৎসৱ উদ্যাপন কৰা স্থানৰ সীমা নির্ধাৰণ অথবা চৌহদ নির্ধাৰণ কৰি এই চৌহদত থার্মেল স্ক্রীনিং, সামাজিক দূৰত্ব, ছেনিটাইজেচন আদি বাধ্যতামূলক কৰা হৈছে৷ এইক্ষেত্রত উদ্যাপন সমিতিৰ লগত জড়িত স্বেচ্ছাসেৱীসকলে থার্মেল স্ক্রীনিং, সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব৷ উৎসৱসমসূহ বিশেষকৈ ধর্মীয় প্রার্থনা, বাণিজ্য মেলা, সমদল, প্রদর্শনী, সাংস্কৃতিক কার্যসূচী, শোভাযাত্রা আদিত বৃহৎসংখ্যক লোকৰ সমাগম হোৱাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্রালয়ে ক’ভিড–১৯ সংক্রমণ প্রতিৰোধী ব্যৱস্থা গ্রহণৰ ক্ষেত্রত উদ্যাপন সমিতি অধিক সজাগ আৰু সচেতন হ’বলৈ পৰামর্শ আগবঢ়াইছে৷ উৎসৱ এদিন কিম্বা সপ্তাহ বা তাতোকৈ অধিক দিন চলি থাকিলে ক’ভিড–১৯ৰ প্রট’কলৰ নির্দেশনা অনুসৰণ কৰিব লাগিব বুলিও এছঅ’পিত উল্লেখ কৰা হৈছে৷
ক’ৰোনা ভাইৰাছ কনটেইনমেণ্ট জ’নৰ বাহিৰত উৎসৱ উদ্যাপন হ’লেও এইক্ষেত্রত ৬৫ বছৰৰ ঊর্ধ্বৰ ৰুগ্ণ লোক, গর্ভৱতী মহিলা আৰু ১০ অনূর্ধ্বৰ শিশুক ঘৰতে থকাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ সামাজিক দূৰত্ব আৰু সঘনাই ছেনিটাইজেচন কৰি উৎসৱসমূহত ভিৰ নিয়ন্ত্রণৰ ক্ষেত্রত উদ্যাপন সমিতিয়ে প্রাধান্য দিব লাগিব৷ শোভাযাত্রা কিম্বা বিসর্জন সমদলত নির্ধাৰিত সীমাৰ বাহিৰত জনতাৰ সমাগম উচিত নহয় বুলি উল্লেখ কৰি এই সময়ছোৱাত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব৷ উৎসৱস্থলীত সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰীক্ষণ কৰাৰ বাবে চিচি টিভিৰ ব্যৱস্থা কৰিব লাগিব৷ সকলো উৎসৱস্থলীতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ ব্যৱস্থা থাকিব লাগিব৷ উৎসৱথলীত পর্যাপ্ত প্রৱেশ আৰু প্রস্থানৰ সুবিধা থাকিব লাগিব৷ বাণিজ্য মেলা, মঞ্চত শিল্প প্রদর্শন, প্রদর্শনীকে ধৰি বিভিন্ন অনুষ্ঠানত টিকট ক্রেতাৰ ক্ষেত্রত সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে পার্যমানে ডিজিটেল লেনদেনক প্রাধান্য দিবলৈ এছ’পিত উল্লেখ কৰা হৈছে৷
ক’ভিড–১৯ৰ উপসর্গহীন লোককহে উৎসৱথলীত প্রৱেশৰ অনুমতি দিব লাগিব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি উৎসৱথলীত দর্শনার্থীৰ সংখ্যা নিয়ন্ত্রণ কৰি ৰাখিব লাগিব৷ ইপিনে, চিনেমা গৃহৰ বাবেও এছঅ’পি জাৰি কৰিছে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে৷ এছঅ’পি অনুসৰি চিনেমা গৃহত ৫০ শতাংশ দর্শক থাকিব লাগিব অর্থাৎ এখন আসন বাদ দি আন এখনত দর্শক বহিব লাগিব৷ দুজন দর্শকৰ মাজৰ আসনখন চিহ্ণ দি বহাৰ পৰা বিৰত কৰি ৰাখিব লাগিব৷ প্রৱেশদ্বাৰত থার্মেল স্ক্রীনিং বাধ্যতামূলক৷ ডিজিটেল লেনদেনক প্রাধান্য দিব লাগিব৷ জিৰণিৰ সময়ত দর্শকৰ চাল–চলন বন্ধৰ ক্ষেত্রত গুৰুত্ব দিব লাগিব৷