নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL খেলোৱা ইউ এ ইলৈ আহিল নতুন খবৰ, গঢ়িলে বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ক’ৰোনাকালীন পৰিস্থিতিৰ মাজতো ভাৰতৰ ক্ৰিকেটৰ প্ৰিমিয়াৰ লীগ খেলৰ বাবে স্থান দিয়া ইউ এ ই সম্প্ৰতি সকলোৰে বাবে পৰিচিত। আই পি এল অনুষ্ঠিত কৰাৰ সময়ত বহুকেইগৰাকী খেলুৱৈ ক’ভিড-১৯ পজিটিভ হোৱাৰ সময়ত ভাব হৈছিল দেশখনে সঁচাকৈয়ে সুকলমে আই পি এল খেলৰ কাৰ্যসূচী চলাই নিব পাৰিবনে? কিয় আই পি এলৰ বাবে দেশখনে ক’ৰোনা সংক্ৰমণৰ দিনতো স্থান দিলে?

এনে বহু প্ৰশ্ন উত্তৰ হয়তো দেশখনৰ হাতত আছিল। তাৰেই নিদৰ্শন পোৱা গ’ল দেশখনে গঢ়া এক নতুন অভিলেখত। ক’ৰোনাক লৈ অতি সচেতন ইউনাইটেড আৰৱ এমেৰিটাছে ক’ৰোনা পৰীক্ষাৰে বিশ্বৰ ধনী দেশসমূহক চেৰাই এই নতুন অভিলেখ ৰচে।

ইউ এ ইয়ে ৰাষ্ট্ৰখনৰ জনসংখ্যাতকৈ অধিক ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ সক্ষম হয়। দেশখনে ক’ৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা এতিয়ালৈ মুঠ ১ কোটিতকৈ অধিক পৰীক্ষা সম্পন্ন কৰে। উল্লেখ্য, ইউ এ ইৰ মুঠ জনসংখ্যা ৯৬ লাখ।

আনহাতে, সৰ্বোচ্চ ক’ৰোনা পৰীক্ষাৰ ক্ষেত্ৰত চীন (১৬ কোটি পৰীক্ষা) শীৰ্ষত আছে। আমেৰিকাই ৭ অক্টোবৰলৈকে ১১ কোটি ক’ভিড-১৯ পৰীক্ষা কৰাৰ লগতে ভাৰতে এই পৰীক্ষাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে। ভাৰতত মুঠ ৮ কোটি ক’ৰোনা পৰীক্ষাৰ লগতে ৰাছিয়াই ৫ কোটি পৰীক্ষাৰে চতুৰ্থ স্থানত আছে।

কিন্তু কোনো দেশে মুঠ জনসংখ্যাৰ হিচাপতকৈ বেছি পৰীক্ষা কৰিব পৰা নাছিল, ইউ এ ইয়ে সেয়া কৰি দেখুৱালে। আন এক উল্লেখনীয় কথা যে ক’ৰোনাক লৈ ধৰ্মীয় সংকটৰ বিষয়টো চৰ্চা হৈছিল ইছলাম ধৰ্মৰ বহুতো ইমাম তথা ধৰ্মীয় মৌলবীৰ মাজত। কিন্তু ইছলাম ধৰ্মৰ দেশখনেই ক’ৰোনা পৰীক্ষাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি এনে মতান্ধ চিন্তাৰ বিপৰীত শাৰীত থিয় দিলে।

You might also like