নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ আজি বিজেপিত যোগদান কৰে ৭০৫গৰাকী বড়ো নেতা-কৰ্মীয়ে। কলাক্ষেত্ৰত অনুষ্ঠিত যোগদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।
যোগদান কৰা লোকসকলৰ ভিতৰত আছে ইউ বি পি অ’ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰী, উপ–সভাপতি গাম্বাৰু মুছাহাৰী, ৰতন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক বিজেন্দ্র কুমাৰ বসুমতাৰী, সম্পাদক শুক্রেশ্বৰ গয়াৰী, প্রদীপ স্বর্গীয়াৰী, বিনোদ বসুমতাৰী, সাংগঠনিক সম্পাদক সুভাষ বড়ো, মধুৰা বসুমতাৰীকে ধৰি সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ ৩৫গৰাকী নেতা।

সেইদৰে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, হেমকান্ত দৈমাৰী, সম্পাদক প্রদীপ ৰামচিয়াৰী, বানেশ্বৰ গয়াৰী, চুদেম বসুমতাৰী, উপ–সভাপতি মণ্টু বসুমতাৰী, প্রাক্তন বি এল টি কল্যাণ পৰিষদৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা বিউটি গয়াৰী, উপ–সভাপতি বিষ্টিৰাম নার্জাৰী, জোনাই প্রাইমাৰী সমিতিৰ উপদেষ্টা ৰবীন স্বর্গীয়াৰী, সোৱণশিৰি প্রাইমাৰী সমিতিৰ জয়থশ নার্জাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ উপ–সভানেত্রী শীলা বসুমতাৰী, চিমেন আঞ্চলিকৰ সভানেত্রী সবিতা স্বর্গীয়াৰী, চিলাপথাৰ আঞ্চলিকৰ উপ–সভানেত্রী ৰঞ্জু গয়াৰী, এন ডি এফ বি (এছ)ৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্রসেনজিৎ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক ভদ্রেশ্বৰ বসুমতাৰী, দৈমালু নার্জাৰী, চিমেন প্রাইমাৰী সমিতিৰ সভাপতি শশীধৰ গয়াৰী, জোনাই প্রাইমাৰী সমিতিৰ সভাপতি ৰঞ্জয় নার্জাৰীকে ধৰি ধেমাজি জিলাৰ মুঠ ৯০গৰাকীয়ে যোগদান কৰে।
ইউ বি পি অ’ৰ লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা উদয় বসুমতাৰী, উপ–সভাপতি প্রফুল্ল খেৰকটাৰী, অধ্যক্ষ কামেশ্বৰ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সুশান্ত মুছাহাৰীৰ সৈতে লখিমপুৰ জিলাৰ পৰা ২০গৰাকী, তিনিচুকীয়া জিলাৰ সভাপতি বিষ্ণুৰাম নার্জাৰী, সাধাৰণ সম্পাদক জয়ন্ত নার্জাৰীৰ নেতৃত্বত ২০গৰাকী, ডিব্রুগড় জিলা ইউ বি পি অ’ৰ সভাপতি পিনাংক্ষী বসুমতাৰীৰ নেতৃত্বত ২০গৰাকী, চৰাইদেউ জিলাৰ পৰা ২৫গৰাকী, কার্বি আংলং জিলা ইউ বি পি অ’ৰ সভাপতি বাদল মুছাহাৰীৰ নেতৃত্বত ২৫গৰাকী, শোণিতপুৰ জিলা ইউ বি পি অ’ৰ ভাৰপ্রাপ্ত সভাপতি জেমছ স্বর্গীয়াৰী, সাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰীৰ নেতৃত্বত ৩০গৰাকী, গোলাঘাট জিলা ইউ বি পি অ’ৰ সভাপতি মুকুন্দ বসুমতাৰীৰ নেতৃত্বত ২৫গৰাকী, নগাঁও জিলাৰ ২৫গৰাকী, মৰিগাঁও জিলাৰ ৪৫গৰাকী, হোজাই জিলাৰ ২৫গৰাকী, কামৰূপৰ ২২গৰাকী, কামৰূপ (ম)ৰ ৪৫গৰাকী, দক্ষিণ কামৰূপৰ ২৫গৰাকী, ধুবুৰীৰ ২০গৰাকী, বৰপেটাৰ ২০গৰাকী, গোৱালপাৰা–বঙাইগাঁও জিলাৰ পৰা ১০গৰাকীকৈ নেতাই বিজেপিত যোগদান কৰে।
যোগদান অনুষ্ঠানত ইউ বি পি অ’ৰ উপৰি প্রাক্তন বি এল টি, এন ডি এফ কেডাৰৰ লগতে আন বড়ো সংগঠনৰ কর্মীও আছে৷