ভৰলুৰ দুর্গন্ধত অতিষ্ঠ ৰাজগড়–অনিল নগৰবাসী
নিষ্কাশনৰ নামত কোটি কোটি টকাৰ শৰাধ জি এম চিৰ বিষয়া–কর্মচাৰী–ঠিকাদাৰৰ
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ দেশৰ ৩৫১খন প্রদূষিত নদীৰ তালিকাত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈ নিষ্কাশনৰ নামত কোটি কোটি টকাৰ শৰাধ কৰিছে পৌৰ নিগমে৷ মহানগৰীত বসবাস কৰা একাংশ লোকে ভৰলু নৈক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি অহাৰ লগতে মহানগৰীৰ ৩৩০টা নলাৰ পৰা অহা আৱর্জনাই নৈখন পুতি পেলাইছে৷ ভৰলু নৈত জমা হোৱা আবর্জনাই এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ভৰলু নৈৰ ক’লা পানীৰ পৰা ওলোৱা দুর্গন্ধই নৈৰ পাৰত বসবাস কৰা লোকসকলৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে৷ ভৰলু নৈৰ আবর্জনাৰ পৰা সৃষ্টি হোৱা পূতিগন্ধময় পৰিৱেশে জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ বিশেষকৈ ৰাজগড়, অনিল নগৰ, নবীন নগৰকে ধৰি নৈৰ পাৰত বসবাস কৰা লোকসকলে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন–যাপন কৰিবলগীয়া হৈছে৷ লক্ষণীয় যে ভৰলু নৈ নিষ্কাশনৰ বাবে চৰকাৰে ২০১৭–১৮ বর্ষৰ পৰা তিনি বছৰৰ বাবে ৫.২১ কোটি টকা মোকলাই দিছিল৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰে উক্ত ধনৰাশি সদ্ব্যৱহাৰ নকৰাৰ ফলত মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈয়ে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ এক ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু অৱহেলাৰ বাবে ভৰলু নৈ আবর্জনাৰে ভৰি পৰা বুলি অনিল নগৰ–ৰাজগড় উন্নয়ন সমিতিয়ে অভিযোগ কৰিছে৷ মহানগৰীত বসবাস কৰা একাংশ অসচেতন লোকে ভৰলু নৈক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি অহাৰ ফলত আবর্জনাৰে ভৰি নৈখনে কদর্য ৰূপ লৈছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই ৰাজহুৱা স্থানত আবর্জনা পেলোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ প্রশাসনিক দুর্বলতাৰ বাবে মহানগৰীৰ লগতে ভৰলু নৈ আবর্জনাৰে ভৰি পৰাৰ লগতে মহানগৰীৰ সৌন্দর্যও ম্লান কৰিছে৷ ভৰলু নৈখন নিষ্কাশন কৰাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷