ঋষিকেশত যোগৰ প্রশিক্ষণ ল’বলৈ অহা আমেৰিকান মহিলাক বলাৎকাৰ দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ আমেৰিকাৰ পৰা ভাৰতলৈ অহা মহিলা এগৰাকীক উত্তৰাখণ্ডৰ ঋষিকেশত স্থানীয় লোক এজনে ধর্ষণ কৰা ঘটনাক লৈ দেশৰ সংবাদ মাধ্যমত সৃষ্টি হৈছে শিহৰণ৷ ৩৭ বছৰীয়া মহিলাগৰাকীয়ে যোগ সন্দর্ভত শিক্ষাগ্রহণ কৰিবলৈ আহিছিল৷ যোগ সাধনাৰ প্রতি প্রবল হেঁপাহ থকা মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ পৱিত্র চহৰ হিচাপে চিহ্ণিত ঋষিকেশত থাকিবলৈ লৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ৫ অক্টোবৰত সংঘটিত হৈছে এই ঘটনা৷ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি যোগৰ প্রশিক্ষণ দিয়াৰ প্রতিশ্রুতিৰে মহিলাগৰাকীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল ঋষিকেশৰ স্থানীয় বাসিন্দা এজনে৷ ৫ অক্টোবৰত মহিলাগৰাকীয়ে আশ্রয় লোৱা কোঠাত প্রৱেশ কৰি লোকজনে এই জঘন্য কাণ্ড সংঘটিত কৰে৷ আৰক্ষী বিষয়া আৰকে ছাকলানিয়ে এই তথ্য সংবাদ মাধ্যমক জনোৱাৰ লগে লগে ঋষিকেশত বিভিন্ন সামাজিক সংগঠনে সাব্যস্ত কৰিছে প্রতিবাদ৷ তাৎক্ষণিকভাৱে আৰক্ষীয়ে এই ঘটনাত জড়িত দুর্বৃত্তৰ নাম প্রকাশ কৰা নাই৷ লক্ষণীয়ভাৱে মহিলাগৰাকীয়ে বিভিন্ন সময়ত ড্রাগ্ছ গ্রহণ কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ ড্রাগ্ছ আৰু যোগৰ প্রতি থকা দুর্বলতাৰ বাবেই অভিযুক্তৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল মহিলাগৰাকীৰ৷