নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰজেডিৰ দুর্গ দখলৰ সংকল্প নীতিশৰ

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী তথা জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে এইবাৰ প্রার্থী বাছনিৰ ক্ষেত্রত পূর্বৰ সকলো সূত্র সলনি কৰিছে৷ ২৪৩খন আসনৰ ভিতৰত নীতিশ কুমাৰৰ জেডি(ইউ)–এ এইবাৰ ৰাজ্যখনত ১২২খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ জেডি(ইউ)ৰ কোটাত সাতখন আসনত প্রতিদ্বন্দ্বিতা কৰিব প্রাক্তন মুখ্যমন্ত্রী জিতান ৰাম মাঝিৰ হিন্দুস্তান আৱাম মর্চাই৷ অর্থাৎ জেডি(ইউ–এ ১১৫খন আসনত নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰিছে৷ কিন্তু আৰজেডিৰ মুছলমান আৰু যাদৱ ভোটবেংকত আঘাত হানিবলৈ এইবাৰ ১৯গৰাকীকৈ সামাজিকভাৱে পিছপৰা শ্রেণীৰ নেতাক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে নীতিশ কুমাৰৰ জেডি(ইউ)–এ৷ পূর্বতে লালুপ্রসাদ যাদৱৰ অ’বিচি ভোটবেংক হিচাপে চিহ্ণিত সমষ্টিবোৰত নীতিশ কুমাৰে এইবাৰ পিছপৰা সম্প্রদায়ৰ নেতাক প্রার্থী হিচাপে প্রক্ষেপ কৰি আৰজেডিক সংকটত পেলোৱাৰ কৌশল ৰচিছে৷ লক্ষণীয়ভাৱে নীতিশৰ এই ৰণকৌশলৰ পাছতে আৰজেডি শিবিৰত সৃষ্টি হৈছে আতংক৷

You might also like