নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাকাল আৰু ঋতুস্রাৱজনিত সমস্যা

ডাঃ ৰাজীৱ লোচন শর্মা

চেম্বাৰত শেষৰ ৰোগীগৰাকীক চাবলৈ সাজু হৈছেছা৷ এনেতে এগৰাকী মাক জীয়েকৰ সৈতে ভিতৰলৈ সোমাই আহিল৷ দুর্বল, শেঁতা পৰা ছোৱালীজনী দেখিয়েই বুজিলোঁ ৰোগী মাক নহয়, ছোৱালীজনীহে৷ ‘কি হ’ল তাইৰ?’ মোৰ প্রশ্ণৰ উত্তৰত মাকগৰাকীয়ে কান্দোনভৰা মাতেৰে ক’লে– ছাৰ তিনি মাহ ধৰি এইৰ স্রাৱ গৈয়েই আছে৷ শান্তি হোৱা দিন ধৰি স্রাৱ বন্ধই হোৱা নাই৷ সৰু ছোৱালী, ঔষধো দিব নোৱাৰি৷ ঘৰত মূৰ ঘূৰাই পৰি যোৱাত ইয়ালৈকে লৈ আহিলোঁ৷ কিবা এটা কৰক ছাৰ৷ ছোৱালীজনীক ততাতৈয়াকৈ নার্ছিং হোমত ভর্তি কৰি চিকিৎসা আৰম্ভ কৰিলোঁ৷ তাইৰ গাৰ তেজ কমি হিম’গ্লবিন ছয় গ্রাম হৈছে৷ চাৰি বটল তেজ দিয়াৰ পিছত ছোৱালীজনী সুস্থ হৈ উঠিল৷ এসপ্তাহৰ পিছত তাই ঘৰলৈ গ’ল৷
ছোৱালীজনীৰ অসুখটোক পিডবাৰটি মেন’ৰেজিয়া বোলে৷ ছোৱালী এজনী কিশোৰী অৱস্থাৰ পৰা যৌৱন অৱস্থা পোৱাৰে পৰা মাহেকীয়া বা ঋতুস্নান আৰম্ভ হয়৷ প্রথম মাহেকীয়া হোৱাটোক পুষ্পিতা হোৱা বোলে৷ পুষ্পিতা হোৱাৰ পৰা দুবছৰমানলৈ ঋতুস্নান নিয়মিত ৰূপত নহয়৷ এই সময়ছোৱাত হাইপ’থেলাম’ পিটুইটেৰী অ’ভেৰিয়ান এক্সিছ অপৈণত অৱস্থাত থাকে৷ ফলত ঋতুস্নান অনিয়মিত ৰূপত হয়৷ এবাৰ এই এক্সিছে পূর্ণতা পালেই ঋতুস্নান নিয়মিত ৰূপত হ’বলৈ ধৰে৷
সাধাৰণ অৱস্থাত মাহেকীয়া ঋতুস্নান ২৯ৰ পৰা ৩৫ দিনৰ মূৰে মূৰে হয়৷ ই গডে পাঁচ দিনলৈ থাকে আৰু প্রায় ২৫ৰ পৰা ৮০ মিলিলিটাৰ তেজ নির্গত হয়৷ যদিহে ৰক্তস্রাৱ ৭ দিনতকৈ বেছিকৈ থাকে বা ৮০ মিলিলিটাৰতকৈ বেছি হয়, তেতিয়া ছোৱালীজনী পিউবাৰটি মেন’ৰেজিয়াত ভোগা বুলি কোৱা হয়৷ পিউবাৰটি মেন’ৰেজিয়া পুষ্পিতা হোৱাৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত হোৱা দেখা যায়৷
বিভিন্ন কাৰণত ঋতুস্নানৰ সময়ত অতিমাত্রা ৰক্তক্ষৰণ হ’ব পাৰে৷ কেতিয়াবা ই ইমান বেছি হয় যে ছোৱালীজনীক চিকিৎসালয়ত ভর্তি কৰি তেজ দিব লগা হয়৷ তলত বিভিন্ন কাৰণসমূহ উল্লেখ কৰা হ’ল–

  • এনভিউলেচন- প্রায় ৮০ শতাংশ পিউবাৰটি মেন’ৰেজিয়াৰ কাৰণ হ’ল এই এনভিউলেচন৷ ইয়াত ডিম্বাশয়ৰ পৰা ডিম্বাণু পৈণত অৱস্থা পোৱা আৰু নিঃসৰণ প্রক্রিয়া অসম্পূর্ণ হৈ থকা বাবে ঋতুস্নান অনিয়মিত ৰূপত হয় আৰু বেছিকৈ হয়৷ ইয়াৰ কাৰণ হিচাপে অপৈণত হাইপ’থেলাম’ পিটুইটেৰী অ’ভেৰিয়ান এক্সিছকে জগৰীয়া কৰা হয়৷ অভিউলেচন হোৱাৰ ফলত ঋতুস্নান নিয়মীয়া আৰু পৰিমিত ৰূপত হয়৷
  • শৰীৰৰ তেজ গোট মৰা প্রক্রিয়াৰ তাৰতম্যৰ ফলতো ছোৱালীজনী মেন’ৰেজিয়াত ভুগিব পাৰে৷ আমাৰ শৰীৰত আঘাত পালে বা কোনো অংশত কাটিলে কটা অংশৰ পৰা তেজ ওলায়৷ হাতেৰে হেঁচি ধৰিলে অলপ সময়ৰ পিছত নিজে নিজে তেজ বন্ধ হয়৷ তেজত থকা কেতবোৰ উপাদানৰ অনুপস্থিতি বা তাৰতম্যৰ বাবে তেজ গোট মৰা প্রক্রিয়াটোৰ খেলিমেলি হয়৷ এনে ছোৱালীৰ ঋতুস্নানৰ সময়ত বেছিকৈ ৰক্তক্ষৰণ হয়৷ উদাহৰণস্বৰূপে পাৰ–পিউৰা, ব্লাড কেঞ্চাৰ, ভনউইলব্রেণ্ডছ ডিজিজ আদি৷
  • জৰায়ুৰ টিউমাৰ, ইনফেকচন (সোঁতৰণ), পলিপ, ফাইব্রইড জৰায়ুৰ যক্ষ্মা ৰোগ, কেঞ্চাৰ, এডিন’মাইছিছ৷
  • ডিম্বাশয়ৰ টিউমাৰ, চকলেট চিষ্ট, পলিচিষ্টিক অ’ভেৰিয়ান ডিজিজ আদি৷
  • গর্ভপাত ছোৱালী অৱস্থাৰ অত্যধিক ৰক্তক্ষৰণৰ আন এক কাৰণ৷
  • অন্যান্য কাৰকৰ ভিতৰত হাইপ’থাইৰয়ড, প্রলেক্টিন গ্রন্থিৰ টিউমাৰ, এড্রিনেল গ্রন্থিৰ টিউমাৰ, মানসিক চাপ, জোখতকৈ বেছিকৈ শৰীৰৰ ওজন কমোৱা, যকৃতৰ বিভিন্ন ৰোগ আদি৷
  • কেতবোৰ ঔষধ জধে–মধে ব্যৱহাৰ কৰাৰ ফলতো মেন’ৰেজিয়া হ’ব পাৰে৷ উদাহৰণস্বৰূপে মৃগী ৰোগীয়ে ব্যৱহাৰ কৰা ঔষধ, মাহেকীয়া পিছুৱাবলৈ ব্যৱহাৰ কৰা প্র’জেষ্টেৰন, গর্ভনিৰোধক ঔষধ আদি৷
    উপৰিউক্ত বিভিন্ন কাৰণত ছোৱালী এজনী মেন’ৰেজিয়াত ভুগিব পাৰে৷
    ৰোগ নির্ণয়ৰ উপায়সমূহ–
  •  ছোৱালীজনীৰ ঋতুস্রাৱৰ ধৰণ, পৰিমাণ সুধি৷
  • সর্বশৰীৰ পৰীক্ষা কৰি৷
  • তেজৰ পৰীক্ষা যেনে– তেজৰ গ্রুপ, হিম’গ্লবিনৰ পৰিমাণ, থাইৰয়ড, প্র’লেক্টিনৰ পৰিমাণ, তেজৰ বিভিন্ন উপাদানসমূহৰ পৰিমাণ, তেজ গোট মৰা প্রক্রিয়াৰ পৰীক্ষা কৰি৷
  • বুকুৰ এক্সৰে, পেটৰ আল্ট্রাছাউণ্ড, এম আৰ আই, চিটি স্কেন কৰি জৰায়ু বা ডিম্বাশয়ৰ টিউমাৰ, এড্রিনেল গ্রন্থিৰ টিউমাৰ চিনাক্ত কৰা হয়৷ এইদৰে পিউবাৰটি মেন’ৰেজিয়াৰ প্রকৃত কাৰণ চিনাক্ত কৰি ৰোগীৰ চিকিৎসা কৰা হয়৷
    চিকিৎসা
    ৰক্তস্রাৱৰ পৰিমাণ, ৰোগীৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি চিকিৎসা বেলেগ বেলেগ হয়৷
  • ৰক্তস্রাৱ স্বাভাৱিকতকৈ অলপ বেছি হ’লে এনেক্ষেত্রত যদিহে আন কোনো বিসংগতি নাথাকে, তেন্তে ছোৱালীজনীৰ লগতে মাক–দেউতাকক মেন’ৰেজিয়াৰ বিষয়ে ভালকৈ বুজাই তেওঁলোকৰ বিশ্বাস বঢ়াব লাগে৷ তেওঁলোকক আশ্বস্ত কৰিব লাগে যে ইয়াৰ পৰা কোনো বিপদ নহয়৷ সাধাৰণতে পুষ্পিতা হোৱাৰ পৰা দুবছৰমানৰ ভিতৰত ঋতুস্নান নিয়মীয়া হয় আৰু ৰক্তস্রাৱ নিয়মিত ৰূপত হয়৷ আইৰন টেবলেট, পুষ্টিকৰ আহাৰ অতি দৰকাৰী৷ মনৰ পৰা দুশ্চিন্তা আঁতৰ হ’লে ঋতুস্নান নিয়মীয়া আৰু স্বাভাৱিক হয়৷
  • মধ্যমীয়া ধৰণৰ ৰক্তক্ষৰণ হ’লে– ই ছোৱালীজনীক দুর্বল আৰু শেঁতা কৰি পেলায়৷ তেজত হিম’গ্লবিন কমি যায়৷ এনেক্ষেত্রত অতিমাত্রা ৰক্তক্ষৰণ বন্ধ কৰা, ভৱিষ্যতে পুনৰ এনেকুৱা হ’বলৈ নিদিয়া, ৰক্তহীনতা আৰু পুষ্টিহীনতা দূৰ কৰাটো চিকিৎসাৰ প্রধান উদ্দেশ্য৷
    অতিমাত্রা ৰক্তক্ষৰণ বন্ধ কৰিবলৈ মেফেনেমিক এচিড, ড্রেনাক্সেমিক এচিড ব্যৱহাৰ কৰা হয়৷ ইয়াতো নকমিলে গর্ভনিৰোধক টেবলেট, প্র’জেষ্টেৰন ব্যৱহাৰ কৰা হয়৷
  • অতিমাত্রা ৰক্তক্ষৰণ হ’লে ছোৱালীজনীক চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা কৰা হয়৷ তেজ গোট মৰা প্রক্রিয়াটোৰ বিতং পৰীক্ষা কৰা হয়৷ প্রয়োজন অনুযায়ী ড্রেনাক্সেমিক এচিড, গর্ভনিৰোধক ঔষধ, প্র’জেষ্টেৰন ব্যৱহাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰা হয়৷
    শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে তেজ দিয়া হয়৷ ৩–৪ মাহ মাহে মাহে প্র’জেষ্টেৰন ব্যৱহাৰ কৰাৰ পিছত মাহেকীয়া নিয়মিত ৰূপত হ’বলৈ ধৰে৷
    গর্ভনিৰোধক ঔষধ ৩–৬ মাহ ব্যৱহাৰ কৰিব পাৰি৷ লগতে পুষ্টিকৰ আহাৰ, আইৰন টেবলেট কমেও তিনি মাহ খাব লাগে৷
    জিএনআৰএইচ এলল’গ কোমল বয়সীয়া ছোৱালীৰ ক্ষেত্রত ব্যৱহাৰ কৰা নহয়৷ প্রতিমাহে ছোৱালীজনীৰ স্বাস্থ্যৰ পর্যালোচনা কৰা হয় আৰু প্রয়োজন অনুসাৰে ঔষধ কম–বেছি কৰা হয়৷
  • অস্ত্রোপচাৰ- মাহেকীয়াৰ সময়ত হোৱা অতিমাত্রা ৰক্তস্রাৱৰ কাৰণ যদি জৰায়ু বা ডিম্বাশয়ৰ টিউমাৰৰ বাবে হয়, তেতিয়াহ’লে উক্ত টিউমাৰসমূহ অস্ত্রোপচাৰৰ সহায়ত গুচাই পেলাব লাগে৷
    ইয়াৰ উপৰি থাইৰয়ডৰ বাবে মেন’ৰেজিয়া হ’লে থাইৰয়ডৰ ঔষধ খাই পৰিত্রাণ পাব পাৰি৷
    বহুতেই ভাবে যে মাহেকীয়াৰ সময়ত হোৱা ঋতুস্রাৱত শৰীৰৰ পৰা বেয়া তেজ ওলাই যায়৷ সেয়েহে যিমান পাৰি সিমান বেয়া তেজ ওলাই যাবলৈ দিয়াই মংগল৷ ফলত ছোৱালীজনী ৰক্তহীনতাত ভোগে৷ ঋতুস্রাৱ যে ৪–৫ দিন যাবই লাগিব তেনে কথা নহয়৷ নিয়মিত ৰূপত ঋতুস্নান হৈ থাকিলে ৰক্তস্রাৱ এদিন গ’লেও স্বাভাৱিক বুলি ধৰা হয়৷ মাহেকীয়া ঋতুস্রাৱৰ সময়ত হোৱা পেটৰ বিষে মহিলাসকলক বিশেষকৈ ছোৱালীসকলক বাৰুকৈয়ে দুর্ভোগ ভোগায়৷ কেতিয়াবা বিষ ইমান বেছি হয় যে স্কুল–কলেজ বা চাকৰি ক্ষেত্রলৈ যোৱাত তেওঁলোক বাধাৰ সন্মুখীন হয়৷ এই বিষ চিকিৎসাৰ সহায়ত সহজেই উপশম কৰিব পাৰি৷ মাহেকীয়াৰ বিষ, বিশেষকৈ তল পেটত হোৱা দুই প্রকাৰৰ৷ এবিধPrimary (প্রাইমেৰী বা খামুচি ধৰা), আনবিধSecondary (ছেকেণ্ডাৰী বা দ্বিতীয় শ্রেণী)৷ প্রাইমেৰী বা খামুচি ধৰা বিষত সাধাৰণতে জৰায়ুৰ কোনো ধৰণৰ বিসংগতি নাথাকে৷ পাঁচৰ পৰা দহ শতাংশ মহিলাৰ এনেধৰণৰ পেটৰ বিষ হয় মাহেকীয়াৰ সময়ত৷ ছোৱালীসকল প্রায়ে এইধৰণৰ পেটৰ বিষত ভোগা দেখা যায়৷ এই বিষ বিয়াৰ পিছত বা গর্ভধাৰণৰ পিছত নতুবা প্রসৱৰ পিছত নাইকিয়া হয়৷ ছোৱালীৰ ক্ষেত্রত বেছিকৈ পৰিলক্ষিত হোৱাৰ প্রধান কাৰণ দুটা হ’ল– মানসিক উৎকণ্ঠা আৰু বিষ সহ্য কৰিব নোৱাৰা৷ তদুপৰি জৰায়ুৰ মুখৰ নলীটো সৰু হ’লেও এনেধৰণৰ বিষ মাহেকীয়াৰ সময়ত হ’ব পাৰে৷ ভার্ছপ্রেছিন নামৰ ৰাসায়নিক পদার্থ, যি মাহেকীয়াৰ সময়ত জৰায়ুৰ ভিতৰত নির্গত হয়, সিয়ে পেটৰ বিষৰ কাৰক হ’ব পাৰে৷
    তোলনি হোৱাৰ প্রথম দুবছৰৰ ভিতৰত বিষ আৰম্ভ হয়৷ ঘৰত বা পৰিয়ালৰ আন সদস্য, যেনে– মাক, ভনীয়েক, জ্যেষ্ঠ ভগ্ণীৰ এইধৰণৰ বিষৰ ইতিহাস থাকিব পাৰে৷ মাহেকীয়া আৰম্ভ হোৱাৰ কেইঘণ্টামান আগত বা তাৰ ঠিক লগে লগেই পেটৰ বিষ আৰম্ভ হয়৷ সাধাৰণতে কেইটামান ঘণ্টা থকাৰ পিছত ই নাইকিয়া হয়৷ কোনো কোনোৰ এদিন বা দুদিনলৈও পেটৰ বিষ থাকিব পাৰে৷ এই বিষ তল পেট, কঁকাল, উৰুৰ ভিতৰ অংশত অনুভূত হয়৷ বিষৰ লগে লগে বহুতৰ বমি ভাব, বমি, মূৰৰ বিষ, গা বেয়া লগা, পেটচলা আদি আনুষংগিক লক্ষণবোৰ দেখা যায়৷ কেতিয়াবা বিষ ইমানেই বেছি হয় যে ছোৱালী বা মহিলাগৰাকী সংজ্ঞাহীন হৈ পৰে৷
    এই বিষবিধৰ বিষয়ে ভালকৈ জানি–বুজি লোৱাই ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ মূলমন্ত্র৷ তদুপৰি পেটৰ বিষ হ’লে ডাক্তৰৰ পৰামর্শ মতে বিষ নিবাৰক ঔষধ সেৱন কৰিব পাৰে৷ বহুতো মাক–দেউতাকে বা আত্মীয়ই এনে বিষৰ বাবে ঔষধ খোৱা বেয়া, ইয়ে পিছলৈ ছোৱালীজনীক গর্ভধাৰণত বাধাৰ সৃষ্টি কৰিব, ঔষধ খালে দোষ ৰৈ যাব… ইত্যাদি ইত্যাদি অবান্তৰ–যুক্তিকৰ কথা কয়৷ ই মুঠেই উচিত নহয়৷ বৰঞ্চ চিকিৎসকৰ পৰামর্শ মতে ঔষধ খালে ছোৱালীজনীৰ উপকাৰহে কৰা হয়৷
    ছেকেণ্ডাৰী বা দ্বিতীয় শ্রেণীৰ মাহেকীয়াত হোৱা পেটৰ বিষ সাধাৰণতে জৰায়ুৰ বা জৰায়ু সম্পর্কীয় কাৰক বা বেমাৰৰ বাবে হোৱা বিষ৷ উদাহৰণস্বৰূপে জৰায়ুৰ টিউমাৰ, সংক্রমণ ইত্যাদি৷ প্রায় ২০–৩০ বছৰ বয়সৰ মহিলাসকল এইধৰণৰ বিষত ভোগা দেখা যায়৷ বিষ সাধাৰণতে কঁকাল বা তল পেটত অনুভূত হয়৷ মাহেকীয়া হোৱাৰ ৩–৫ দিন আগৰে পৰাই এই বিষ আৰম্ভ হয় আৰু মাহেকীয়া আৰম্ভ হোৱাৰ পিছত নাইকিয়া হয়৷ বমি, মূৰৰ বিষ, পেটচলা আদি ইয়াত নাথাকে৷ চিকিৎসকৰ পৰামর্শ অনুসৰি বিষ নিবাৰক দৰব সেৱন আৰু পেটৰ বিষৰ আচল কাৰকসমূহৰ নিবাৰণ হ’ল ইয়াৰ চিকিৎসা৷
    ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ কোনো সংক্রামক বেমাৰ নহয় (বহুতো মাক–দেউতাকে স্কুলত ওচৰতে বহা ছোৱালীজনীৰ পেটৰ বিষ থকা বাবেহে তেওঁলোকৰ ছোৱালীজনীৰো পেটৰ বিষ হৈছে বুলি মিছাকৈ ভাবে) বা ভৱিষ্যতলৈ অপকাৰ কৰিব পৰা অসুখ নহয়৷ দিন যোৱাৰ লগে লগে লাহে লাহে নাইকিয়া হোৱা এটি অসুখ৷ মানসিক দৃঢ়তা, প্রকৃত জ্ঞান, অভিভাৱকৰ সহযোগ, চিকিৎসকৰ পৰামর্শই হ’ল মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ মূলমন্ত্র৷
You might also like