নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইনক লৈ কেন্দ্রক জাননী ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ নতুন কৃষি আইনৰ সাংবিধানিক বৈধতাক লৈ বিৰোধী দলে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে এই সন্দর্ভত উত্তৰ বিচাৰি কেন্দ্রক জাননী জাৰি কৰিছে৷ চাৰি সপ্তাহৰ ভিতৰত কেন্দ্র চৰকাৰক নতুন কৃষি আইন সন্দর্ভত প্রতিবেদন দাখিল কৰিবলৈ জাননীত উল্লেখ কৰিছে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে  বিৰোধী দল আৰ জে ডি, কংগ্রেছ, ডি এম কেৰ সাংসদে কৃষি আইনৰ সাংবিধানিক বৈধতাক প্রশ্ণ তুলি দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰে৷ আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝা, কংগ্রেছৰ লোকসভাৰ সাংসদ টি এন প্রথাপন আৰু ডি এম কেৰ ৰাজ্যসভাৰ সাংসদ তিৰোছি শিৱাৰ হৈ আবেদনখন দাখিল কৰিছিল অধিবক্তা ৰাকেশ বৈষ্ণৱে৷

মুখ্য ন্যায়াধীশ ববডেৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্রমণিয়ম আছে৷ উল্লেখ্য যে শেহতীয়া বর্ষাকালীন অধিৱেশনত দুয়ো সদনত বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতে কেন্দ্রীয় চৰকাৰে কৃষি সম্পর্কীয় তিনিখন বিধেয়ক গৃহীত কৰিছিল আৰু সেই বিধেয়কত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দই স্বাক্ষৰ কৰাৰ পিছত ২৭ ছেপ্ঢেম্বৰৰ পৰা বলৱৎ হৈছে৷

You might also like