নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ দেশত ছেপ্টেম্বৰত খুচুৰা মুদ্রাস্ফীতি ৭.৩৪ শতাংশলৈ বৃদ্ধি পাইছে৷ বিগত ৮ মাহৰ ভিতৰত এই বৃদ্ধি সর্বাধিক৷ এই লৈ অত্যাৱশ্যকীয় ৰান্ধনী ঘৰৰ সামগ্রীৰ মূল্যবৃদ্ধি পাইছে৷
আনপিনে, যোৱা আগষ্ট মাহত ঔদ্যোগিক উৎপাদন ৮ শতাংশ নিম্নগামী হৈছে৷ নির্মাণ খণ্ড, খনিজ আৰু শক্তি উৎপাদিত খণ্ডত প্রধানকৈ উৎপাদন হ্রাস পাইছে৷ নির্মাণ খণ্ডত ৮.৬ শতাংশ, খনি আৰু শক্তি খণ্ডত ৯.৮ শতাংশ আৰু ১.৮ শতাংশ নিম্নগামী হৈছে৷