নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডি ভিলিয়ার্ছৰ বিস্ফোৰক অর্ধশতকেৰে ৮২ ৰানত জয়লাভ বাংগালুৰুৰ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে চলিত আই পি এলত সোমবাৰে সহজ বিজয় সাব্যস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ শ্বাৰজাহত অনুষ্ঠিত মেচখনত বাংগালুৰুৱে কলকাতা নাইট ৰাইডার্ছক ৮২ ৰানত পৰাস্ত কৰে৷ মেচখনত কোহলি বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ কলকাতাই নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১১২ ৰানহে কৰে৷ শুভমন গিলে সর্বাধিক ৩৪ ৰান কৰে৷ আন্দ্রে ৰাছেল আৰু ৰাহুল ত্রিপাঠী উভয়ে ১৬ ৰানৰ অৰিহণা আগবঢ়ায় যদিও বাকীসকল বেটছমেনে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ বাংগালুৰুৰ হৈ ক্রিছ ম’ৰিছ আৰু ৱাশ্বিংটন সুন্দৰ উভয়ে দুটাকৈ, ছাইনি, ছিৰাজ, চাহাল আৰু উদানাই এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি এবি ডি ভিলিয়ার্ছৰ বিস্ফোৰক অপৰাজিত ৭৩ আৰু অ’পেনাৰ আৰ’ন ফিনছৰ ৪৭ ৰানৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নির্ধাৰিত ২০ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে৷

ইনিংছ মুকলি কৰিবলৈ আহি ফিনছ আৰু পাড়িকালে প্রথম উইকেটৰ যুটিত ৬৭ ৰান সংগ্রহ কৰাৰ সময়তে পাড়িকালে ব্যক্তিগত ৩২ ৰানত বিদায় লয়৷ অৱশ্যে ৪৭ ৰানত বিদায় লোৱাৰ পূর্বে ফিনছে অধিনায়ক কোহলিৰ সৈতে দ্বিতীয় উইকেটত ২৭ ৰান সংগ্রহ কৰে৷ ফিনছৰ ৩৭টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু এটা ছয়৷ ইফালে, ৩৩ ৰানত অপৰাজিত হৈ থকা কোহলিয়ে ডি ভিলিয়ার্ছৰ সৈতে লগ লাগি তৃতীয় উইকেটৰ যুটিত অপৰাজিতভাৱে ১০০ ৰান সংগ্রহ কৰি দলক সবল স্থিতিত উপনীত কৰায়৷ ডি ভিলিয়ার্ছে ৩৩টা বলত ৫টা বাউণ্ডেৰী আৰু ৬টা অ’ভাৰ বাউণ্ডেৰীৰে ৭৩ ৰান কৰি অপৰাজিত হৈ থাকে৷

ইফালে, কোহলিৰ ২৮ বলৰ ইনিংছটোত আছিল এটা মাত্র বাউণ্ডেৰী৷ কলকাতাৰ হৈ প্রসিদ্ধ কৃষ্ণা আৰু আন্দ্রে ৰাছেল উভয়ে এটাকৈ উইকেট লাভ কৰে৷

You might also like