ডুবাইত আজি চেন্নাইৰ সন্মুখত হায়দৰাবাদ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ সাতখন মেচৰ পাঁচখনতে পৰাস্ত হৈ বিপর্যয়ৰ সন্মুখীন হোৱা তাৰকাসমৃদ্ধ চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলত প্লে–ফৰ আশা সজীৱ কৰি ৰখাৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷
ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ছানৰাইজার্ছ হায়দৰাবাদ৷ অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত মেচখনত ধোনী বাহিনীয়ে জয়ৰ লক্ষ্য লোৱাৰ বিপৰীতে ছানৰাইজার্ছ হায়দৰাবাদে যোৱানিশাৰ ব্যর্থতা পাহৰি পুনৰ জয়ৰ ধাৰালৈ উভতি অহাৰ সংকল্পৰে খেলপথাৰত নামিব৷ তিনিবাৰৰ চেম্পিয়ন তথা যোৱাবাৰৰ ৰানার্ছআপ চেন্নাই ছুপাৰ কিংছ এইবাৰৰ আই পি এলত মিডল অর্ডাৰৰ সমস্যাক লৈ জর্জৰিত হৈ পৰা দেখা গৈছে৷
বিদেশী তাৰকা শ্বেন ৱাটছন আৰু ফাফ ডু প্লেচিছে দলক প্রত্যাশিত আৰম্ভণি দিবলৈ সক্ষম হৈছে যদিও মিডল অর্ডাৰত শোচনীয়ভাৱে ব্যর্থ হৈছে ধোনী, ৰবীন্দ্র জাদেজা, কেদাৰ যাদৱ আৰু ডুৱেইন ব্রেভো৷ মন্থৰ বেটিঙৰ বাবে তীব্র সমালোচনাৰ সন্মুখীন হোৱা কেদাৰ যাদৱে ইতিমধ্যে শেহতীয়া মেচখনত দলত স্থান হেৰুৱাইছে৷ তেওঁৰ স্থানত দললৈ অহা নৱাগত বেটছমেন নাৰায়ণ জগদীশনে ২৮ বলত ৩৩ ৰান সংগ্রহ কৰি ধোনী বাহিনীক কিছু সকাহ দিছে৷ বলিঙতো দীপক চহৰ, ছার্জুল ঠাকুৰ, ছাম কাৰেন আৰু জাদেজাই দলৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু মিডল অর্ডাৰৰ ধাৰাবাহিক ব্যর্থতাই দলটোক ক্রমাগত পৰাজয়ৰ গৰাহত পেলাইছে৷
ইফালে, ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদ মিডল অর্ডাৰৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে কাইলৈ খেলপথাৰত নামিব৷ জনী বেয়াৰষ্ট’, ডেভিদ ৱার্নাৰ, মনীষ পাণ্ডে আৰু কেন উইলিয়ামছনৰ ওপৰত দলটোৰ বেটিং শক্তি নির্ভৰ কৰিব৷ একেদৰে বলিঙত য়র্কাৰ বিশেষজ্ঞ নটৰাজন, খলিল আহমেদ আৰু তাৰকা স্পিনাৰ ৰছিদ খান ৱার্নাৰ বাহিনীৰ প্রধান ভৰসা হ’ব৷
খেলৰ সময়- সন্ধিয়া ৭.৩০ বজা৷