নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ক’ভিডকালত ভাৰতত জৈৱ তথা চিকিৎসাজাত আৱর্জনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ সমগ্র দেশত বিগত চাৰিটা মাহত ১৮ হাজাৰ ৬ টন ক’ভিড–১৯ আৱর্জনা মজুত হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্রত আটাইতকৈ বেছি ৩,৫৮৭ টন ক’ভিড আৱর্জনা মজুত হৈছে এই সময়ছোৱাত৷
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত দেশত ৫,৫০০ টন ক’ভিড আৱর্জনা মজুত হৈছে৷ বিগত জুন মাহৰ পৰা প্রদূষণ নিয়ন্ত্রণ ব’র্ডে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত এই জৈৱ চিকিৎসা আৱর্জনা মজুত হোৱা বিষয়টোৰ ওপৰত সমীক্ষা চলাই আহিছে৷