নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ সর্বভাৰতীয় শক্তিৰ বিৰুদ্ধে ২০২১ চনৰ নির্বাচনত যুঁজ দিবৰ বাবে ৰাজ্যখনৰ প্রতিটো বিধানসভা সমষ্টিত আঞ্চলিক ৰাজনৈতিক শক্তিৰ এজনকৈ প্রার্থী দিয়াৰ ৰূপৰেখা প্রস্তুত কৰাৰ কাম আৰম্ভ হৈছে৷ অসমৰ স্বার্থ সুৰক্ষিত কৰিবৰ বাবে সদ্যগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে সংগ্রাম আৰম্ভ কৰিছে৷’ এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ৷ সোমবাৰলে বটদ্রৱালৈ যোৱাৰ পথত নগাঁও আৱর্ত ভৱনত সাংবাদিকৰ আগত অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই কয়– আমি ইতিমধ্যে দলটোৰ সাংগঠনিক কাম–কাজ চোৱা–মেলা কৰি আছোঁ৷ নগাঁও জিলাতো সাংগঠনিক কাম–কাজ আৰম্ভ কৰা হৈছে৷ লগতে সমষ্টি কমিটী গঠনৰ প্রক্রিয়াও অব্যাহত আছে৷ তেওঁ লগতে কয়– যিসকলৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্রতি আস্থা আৰু বিশ্বাস আছে, তেওঁলোকৰ শুভেচ্ছা আমাৰ প্রতি থাকিবই৷ যিসকলে আপোচহীনভাৱে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাস কৰে, তেওঁলোকক আমি নতুন দললৈ আহিবলৈ আহ্বান জনাইছেছা৷ সর্বভাৰতীয় দলতো তেনে চিন্তাৰ লোক থাকিব পাৰে, সেইসকলকো আমাৰ দললৈ আমন্ত্রণ জনাইছোঁ৷ আপোচহীন জাতীয়তাবাদ–আঞ্চলিক্ ধাৰা গঢ়ি তুলিব বিচাৰিছেছা৷ সাংবাদিকে সোধা এটা প্রশ্নৰ উত্তৰত ভূঞাই কয়– আমি অসম জাতীয় পৰিষদ গঠন হোৱা দিনৰ পৰাই অর্থাৎ ১৪ ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে একেটা কথাকে কৈ আহিছোঁ যে আমি এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৰি আহিছেছা৷ এতিয়ালৈকে আমাৰ দলৰ সংবিধান হোৱা নাই৷ সভাপতি, সম্পাদক নির্বাচন কৰা হোৱা নাই৷ নৱেম্বৰত অভিৱর্তনৰ জৰিয়তে অসম জাতীয় পৰিষদে পূর্ণাংগ ৰূপ পাব৷ তাৰ পিছতহে সকলোৰে মনত সৃষ্টি হোৱা ৰাজনৈতিক কথা–বতৰাবোৰ আৰম্ভ কৰা হ’ব৷ অসমত কেইবাটাও আঞ্চলিক দল, বিভিন্ন জাতি–জনগোষ্ঠীয় সংগঠন, জনগোষ্ঠীয় ৰাজনৈতিক দল আছে৷বডো, মিচিং, কার্বি, ডিমাছা আদিৰো ৰাজনৈতিক দল আছে৷ এই শক্তিসমূহৰ লগতে জাতীয়তাবাদী ধাৰাক একত্রিত কৰি এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা আমি কৰিছোঁ৷
বটদ্রৱা থানত অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞা
সাহিত্য আৰু কলাৰে জাতীয় জীৱনক নতুন সাজেৰে সজোৱা মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাৰ শ্রীচৰণত সেৱা ধৰিবলৈ পায় মই আপ্লুত হৈ পৰিছেছা৷ অসমৰ জাতীয় প্রেক্ষাপটত গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত তেৰাৰ জন্মস্থান আৰু কর্মস্থলী বটদ্রৱাৰ এক গৰিমামণ্ডিত ঐতিহ্য আছে৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাৰ৷ সোমবাৰে দুপৰীয়া বটদ্রৱা থানত সেৱা ধৰি উপস্থিত সাংবাদিকৰ সন্মুখত তেওঁ কয় যে থানৰ ৯৬২ বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত আছে৷ জাতীয় পৰিষদৰ নেতাজনে গুৰুজনাৰ পুণ্যভূমিত আগ্রাসনে তেওঁক বৰকৈ আমনি কৰি আছে বুলি মন্তব্য কৰে৷ বৰদোৱা থানৰ পৰাই অসমৰ মুখ্যমন্ত্রীক প্রশ্ন কৰিবলৈ বিচৰা বুলি উল্লেখ কৰি ভূঞাই কয়– সত্রৰ ভূমি বেদখলমুক্ত কৰিব বুলি প্রতিশ্রুতি দি জনসাধাৰণৰ আৱেগক লৈ চৰকাৰ গঠন কৰাৰ পিছত বৰদোৱাৰ ৯৬২ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিব পৰা নাই৷ এয়া জাতিৰ বাবে সচাঁকৈয়ে দুর্ভাগ্যজনক৷ সেয়ে চৰকাৰখনক এই বেদখলমুক্ত কৰি শীঘ্রেই বটদ্রৱা থান পৰিচালনা সমিতিৰ হাতত হস্তান্তৰ কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়৷ বটদ্রৱা থান দর্শনৰ পিছতে প্রাক্তন মন্ত্রী তথা জাতীয় পৰিষদৰ নেতাগৰাকীক শ্রী শ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ কার্যালয়ত সমিতিৰ সভাপতি তথা সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, ইন্দ্রমোহন বৰুৱাই ধর্মবস্ত্র আৰু গ্রন্থৰে আদৰণি জনায়৷