খেলিব পৰাকৈ সুস্থ হৈ উঠিছে ক্রিছ গেইল
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ খাদ্যত বিষক্রিয়া হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হোৱা কিংছ একাদশ পঞ্জাবৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইল সম্পূর্ণ সুস্থ হৈ উঠিছে৷ দলটোৰ মুখ্য প্রশিক্ষক অনিল কুম্বলেই এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে গেইল সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে আৰু নেটত অনুশীলন আৰম্ভ কৰিছে৷ সম্ভৱতঃ তেওঁ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিৰুদ্ধে অহা বৃহস্পতিবাৰে চলিত আই পি এলত প্রথমখন মেচ খেলিব৷
উল্লেখ্য যে ৪১ বছৰীয়া কেৰিবিয়ান তাৰকাগৰাকীক গ্লেন মেক্সৱেলৰ সলনি কিংছ একাদশ পঞ্জাবে মূল একাদশত স্থান দিয়াৰ পৰিকল্পনাৰ সময়তে গেইল অসুস্থ হৈ পৰে৷ সাতখন মেচৰ ছখনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে বাকী থকা মেচকেইখনত গেইলক অন্তর্ভুক্ত কৰি ভাগ্য সলনিৰ আশা কৰিছে৷ উল্লেখ্য যে অহা ১৫ অক্টোবৰত কিংছ একাদশ পঞ্জাবে শ্বাৰজাহত আৰ চি বিৰ বিৰুদ্ধে খেলিব৷