নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত সর্বাধিক মেন অৱ দ্য মেচ: অভিলেখ গঢ়িলে ডি ভিলিয়াছে

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে সোমবাৰে নিশা শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত বিস্ফোৰক বেটিঙেৰে ক্রিকেট অনুৰাগীক মন্ত্রমুগ্ধ কৰা এবি ডি ভিলিয়ার্ছ আই পি এলত নতুন অভিলেখৰ গৰাকী হৈছে৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ তাৰকা বেটছমেনগৰাকীয়ে আই পি এলত সর্বাধিক মেন অৱ দ্য মেচ অর্জনত অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ কলকাতাৰ বিৰুদ্ধে মাত্র ৩৩টা বলৰ সন্মুখীন হৈ ৭৩ ৰানৰ চমকপ্রদ ইনিংছ খেলা দক্ষিণ আফ্রিকাৰ বেটছমেনগৰাকীয়ে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগখনত ২২বাৰৰ বাবে মেন অৱ দ্য মেচৰ সন্মান অর্জন কৰে৷ তেওঁ ক্রিছ গেইলক অতিক্রম কৰি এই মাইলষ্ট’নত উপনীত হয়৷

গেইলে এতিয়ালৈকে আই পি এলত ২১বাৰ ৰোহিত শর্মাই ১৮বাৰ, ডেভিদ ৱার্নাৰে ১৭বাৰ, মহেন্দ্র সিং ধোনীয়ে ১৭বাৰ আৰু শ্বেন ৱাটছনে ১৬বাৰ মেন অৱ দ্য মেচ লাভ কৰিছে৷

উল্লেখ্য যে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ৮২ ৰানৰ বৃহৎ জয় সাব্যস্ত কৰাত মুখ্য ভূমিকা গ্রহণ কৰা এবি ডি ভিলিয়ার্ছে ছটা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰীৰ সহায়ত বিস্ফোৰক ইনিংছটো সজায়৷

You might also like