১৯ অক্টোবৰৰ পৰা চলিব হাই ক’ৰ্টৰ কাম–কাজ
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ ক’ভিড–১৯ৰ সংক্রমণৰ বাবে দীর্ঘদিনে বন্ধ হৈ থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়মীয়া কাম–কাজ পুনৰ আৰম্ভ হ’ব৷ অহা ১৯ অক্টোবৰৰ পৰা ন্যায়ালয়ৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই৷ উচ্চ ন্যায়ালয়ৰ মহা পঞ্জীয়কে এক বিবৃতিত সদৰী কৰা অনুসৰি নিয়মীয়া কাম–কাজসমূহ পর্যায় ভিত্তিত আৰু পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হ’ব৷ বিশেষকৈ প্রয়োজনীয় সুৰক্ষাজনিত প্রট’কল আৰু ‘ক’ট ৰুম’সমূহত সুৰক্ষামূলক ব্যৱস্থা গঢ়ি তোলাৰ পিছতহে এই নিয়মীয়া কাম–কাজসমূহ আৰম্ভ কৰা হ’ব৷ অৱশ্যে ন্যায়ালয়ৰ চৌহদত থকা ‘বাৰ–ৰুম’সমূহ সংশ্লিষ্ট বাৰ এছ’চিয়েচনৰ লিখিত আবেদন আৰু নির্ধাৰিত এছ অ’ পি দাখিলৰ পিছতহে খোলাৰ বিষয়টো বিবেচনা কৰা হ’ব৷ একে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে জিলা আৰু সত্র ন্যায়াধীশৰ আদালত, ফেমিলী ক’ট, চি বি আইৰ আদালত আদিৰো পৰীক্ষামূলকভাৱে নিয়মীয়া কাম–কাজ আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰিছে৷ অহা ১৯ অক্টোবৰৰ পৰা পৰীক্ষামূলকভাৱে কাম–কাজ চলাব পাৰিব৷ অৱশ্যে শুনানিৰ পূর্বে নিম্ন আদালতসমূহত সুৰক্ষামূলক ব্যৱস্থা ক’ভিড প্রট’কল অনুসৰি গ্রহণ কৰিব লাগিব৷ জিলা আদালতসমূহৰ সীমিত নিয়মীয়া কাম–কাজ অব্যাহত থকা সন্দর্ভত অহা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত পুনৰ বিবেচনা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ জিলা ন্যায়াধীশসমূহৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এইক্ষেত্রত নতুন সিদ্ধান্ত গ্রহণ কৰিব৷ ইফালে, আদালতৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰা কার্যক আদৰণি জনাইছে সদৌ অসম উকীল সন্থাই৷ আজি সদৌ অসম উকীল সন্থা আৰু উকীল সন্থা গুৱাহাটীৰ প্রতিনিধিয়ে উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কে সিঙক লগ ধৰি আদালতসমূহৰ কাম–কাজ নিয়মীয়া কৰিবলৈ অনুৰোধ জনাইছিল৷ উকীল সন্থাৰ সভাপতি ডেভিদ লেজাৰ আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ দাসৰ প্রতিনিধিত্বত যোৱা দলটোৰ সৈতে আলোচনাৰ সময়ত তেওঁলোকে দীর্ঘদিনে নিয়মীয়া কাম–কাজসমূহ বন্ধ হৈ থকাৰ ফলত অধিবক্তাসকলে সন্মুখীন হোৱা দুখ–দুর্দশাৰ কথা উল্লেখ কৰে৷