নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানেও ভাৰততকৈ ভালদৰে ক’ৰোনা পৰিস্থিতিৰ মোকাবিলা কৰিছেঃ ৰাহুল

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ “ক’ৰোনা পৰিস্থিতিৰে মোকাবিলাত মোদী চৰকাৰ চূড়ান্ত ব্যর্থ!” আৰম্ভণিৰে পৰা এই অভিযোগ কৰি আহিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। এইবাৰ আৰু এখোপ আগুৱাই গৈ তেওঁ দাবী কৰিলে, সকলো প্রতিবেশী দেশেই ক’ৰোনা পৰিস্থিতি ভাৰততকৈ ভালদৰে প্ৰতিদন্দিতা কৰিছে। আনকি, পাকিস্তান আৰু আফগানিস্তানেও। ক’ৰোনা পৰিস্থিতিত দেশৰ অর্থনীতি বাহাল ৰখাৰ সংক্রান্তত এক পৰিসংখ্যা তুলি ধৰি এই দাবী কৰিছে ৰাহুল।

উল্লেখ্য যে, সম্প্রতি ক’ৰোনাৰ পৰৱর্তী সময়ত ভাৰতৰ আর্থিক পৰিস্থিতিক লৈ উদ্বেগজনক পূর্বাভাস দিছে আন্তর্জাতিক অর্থভাণ্ডাৰে। আইএমএফৰ ৰিপোর্টত কোৱা হৈছে, চলিত বছৰত (২০২০) ভাৰতৰ জিডিপি সংকুচিত হ’ব পাৰে ১০.৩ শতাংশ হ’ব। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে, লকডাউনৰ বাবে এপ্রিল-জুনত ভাৰতৰ জিডিপি ২৩.৯ শতাংশ সংকুচিত হৈছে। আনকি জিডিপিৰ নিৰিখত বাংলাদেশতকৈও পাছত থাকিব পাৰে ভাৰত।

শুকুৰবাৰে এক টুইটযোগে IMF-ৰ এই পূর্বাভাসকে হাথিয়াৰ হিচাপে লৈ চৰকাৰীপক্ষক কাঠগড়াত তুলিছে কংগ্ৰেছ নেতা ৰাহুলে।

You might also like