নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ পৰা উভতি গৈ ক’ভিডত আক্রান্ত বক্সাৰ লাভলীনা বৰগোহাঁই

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ উন্নত অনুশীলনৰ বাবে ভাৰতীয় দলৰ সৈতে ইটালীলৈ উৰা মৰাৰ পূর্বে অসমৰ উদীয়মান মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইৰ শৰীৰত মহামাৰী ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ ভাৰতীয় ক্রীড়া প্রাধিকৰণে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে৷ দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপ পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে শেহতীয়াকৈ অসুস্থ মাতৃৰ খবৰ ল’বলৈ গৃহভূমি অসমলৈ আহিছিল৷ গোলাঘাটৰ বাসগৃহত পৰিয়ালৰ সৈতে ১১ দিনৰ ছুটী কটাই ৰাষ্ট্রীয় শিবিৰত অংশ লোৱাৰ পিছত প্রথম পর্যায়ৰ ক’ভিড টেষ্টত লাভলীনাৰ ফলাফল নিগেটিভ আহিছিল যদিও চাৰি দিন পিছত পুনৰ পৰীক্ষা কৰাত তেওঁৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে বুলি ছাইৰ তৰফৰ পৰা প্রকাশ পাইছে৷

উল্লেখ্য যে যোৱা ১১ অক্টোবৰত তেওঁ অসমৰ পৰা ৰাষ্ট্রীয় শিবিৰত উপস্থিত হৈছিল৷ ইয়াৰ পিছতে তেওঁ আইছ’লেচনত আছিল আৰু এই সময়ছোৱাত দুটাকৈ ক’ভিড টেষ্টৰ সন্মুখীন হয়৷ প্রথমটো টেষ্টত নিগেটিভ ফলাফল লাভ কৰি খেলুৱৈগৰাকী মুক্ত মনেৰে ইটালীলৈ উৰা মাৰিবলৈ সাজু হৈছিল যদিও ভ্রমণৰ পূর্বে সম্পন্ন হোৱা বাধ্যতামূলক ক’ভিড টেষ্টত লাভলীনাৰ ফলাফল পজিটিভ পোৱা যায়৷

মন কৰিবলগীয়া যে ভাৰতীয় ক্রীড়া প্রাধিকৰণে দেশৰ আগশাৰীৰ ১৬গৰাকী বক্সাৰক ৫২ দিনৰ বাবে ইটালীত অনুশীলনৰ বাবে প্রেৰণৰ সিদ্ধান্ত লৈছিল৷

You might also like