হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ মহানগৰীৰ হাতীগাঁওস্থিত লিটল ফ্লাৱাৰ স্কুল কর্তৃপক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে মইমতালিৰ অভিযোগ৷ বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীৰ কার্যকলাপত অতিষ্ঠ হৈ পৰিছে অভিভাৱক সমাজ৷
ক’ৰোনাকালৰ বাবে বিদ্যালয়খনৰ শ্রেণীসমূহ অনলাইনতে চলি আছে৷ কিন্তু শেহতীয়াকৈ বিদ্যালয়ৰ অধ্যক্ষা লিনচী জনে বিদ্যালয়ত ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰবাবে বিভিন্ন প্রকাৰে এন অ’ চি (ন’ অৱজেকচন চার্টিফিকেট) দিবলৈ অভিভাৱকসকলক বল প্রয়োগ কৰাৰ অভিযোগ উঠিছে৷
উত্থাপিত অভিযোগ অনুসৰি চিবিএছই ৰেজিষ্ট্রেচন ফর্ম সংগ্রহ কৰাৰ অজুহাতেৰে নৱম শ্রেণীৰ শিক্ষার্থীৰ অভিভাৱকসকলক যোৱা ১৩ অক্টোৱৰত স্কুললৈ মাতি নি বিদ্যালয় কর্তৃপক্ষই অহা সোমবাৰে ৰেজিষ্ট্রেচন ফর্মৰ স’তে ছয়মহীয়া পৰীক্ষা বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে এন’চি দিবলৈ অভিভাৱকসকলক নির্দেশ দিয়ে৷
পৰৱর্তী দিনটোতো শ্রেণী শিক্ষকৰ জৰিয়তে একেই নির্দেশ পালন কৰিবলৈ জোৰ দিয়ে৷ আনকি আজিৰ দিনটোতো অনলাইন ক্লাছৰ সময়ত অহা সোমবাৰে ছয়মহীয়া পৰীক্ষা স্কুলতে অনুষ্ঠিত কৰিব লাগেবুলি এন’চি জমা দিবলৈ শিক্ষার্থী আৰু অভিভাৱকৰ ওপৰত হেঁচা প্রয়োগ কৰা হয়৷ ইয়াকে লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷