নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নাই শাৰদীয় দুর্গোৎসৱৰ উছাহ

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱলৈ মাত্র পাঁচটা দিন৷ বিগত বর্ষসমূহৰ দৰে দুর্গোৎসৱক লৈ এইবাৰ নাই কোনো আনন্দ–উল্লাহ৷ ক’ভিড–১৯ক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে এইবাৰ কেতবোৰ নীতি–নির্দেশনাৰ মাজেৰে দুর্গাপূজা উদ্যাপনৰ প্রস্তুতি চলাইছে ভক্তসকলে৷ পূর্বৰ দৰে উছাহ–উদ্দীপনা, জাকজমকতা নাথাকিলেও সীমিত সা–সুবিধাৰে ক’ভিড প্রট’কল মানি মহানগৰীৰ দুর্গাপূজা সমিতিসমূহে কম উচ্চতাৰ প্রতিমাৰে পূজা উদ্যাপনৰ প্রস্তুতি চলোৱাৰ লগতে একাংশ পূজা সমিতিয়ে ঘট পূজাৰে দুর্গাপূজা উদ্যাপন কৰিব৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনৰ নির্দেশনা মানি পূজা সমিতিসমূহে বৈদিক ৰীতি–নীতিৰে অনুষ্টুপীয়াকৈ দুর্গতিনাশিনী দেৱী দুর্গাক পূজা–র্চনা কৰিব৷

ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে এইবাৰ মৃৎশিল্পীৰ পৰা বস্ত্রৰ ব্যৱসায়লৈকে ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ বিগত বর্ষসমূহত দুর্গাপূজাৰ প্রাক্ক্ষণত ফাঁচীবজাৰত বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে ফাঁচীবজাৰত ব্যৱসায়ীসকলৰ বিক্রী তেনেই সীমিত৷ ফাঁচীবজাৰৰ কেইবাজনো ব্যৱসায়ীয়ে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে বিগত বর্ষত পূজাৰ প্রাক্ক্ষণত প্রতিদিনে ১ৰ পৰা ২ লাখ টকাৰ ব্যৱসায় কৰিছিল৷ কিন্তু এইবাৰ ১০ৰ পৰা ৫০ হাজাৰ টকাহে বিক্রী কৰিবলৈ সক্ষম হৈছে৷ একেদৰে গুৱাহাটীৰ বিভিন্ন স্থানত থকা শ্বপিং মলসমূহতো বিগত বর্ষৰ তুলনাত এইবাৰ বিক্রী যথেষ্ট পৰিমাণে হ্রাস পাইছে৷ শ্বপিং মলসমূহতো সীমিতসংখ্যক গ্রাহকেহে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ এক কথাত গুৱাহাটী মহানগৰীত ক’ভিড–১৯ৰ বাবে এইবাৰ ম্লান পৰিছে শাৰদীয় দুর্গোৎসৱৰ উছাহ৷

You might also like