মাত্ৰ google mapক সাৰথি কৰি ১১ বছৰৰ পিছত ঘৰত অপহৃত কিশোৰ
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ বৰ্তমান সময় হৈছে প্ৰযুক্তিৰ যুগ। যিকেইখনদেশ প্ৰযুক্তিগতভাৱে উন্নত হৈছে, সেই দেশও সিমানেই উন্নতিৰ শিখৰলৈ গৈছে । প্ৰযুক্তিৰ জৰিয়তে বহু নোহোৱা কাম সম্পন্ন হৈছে। এই প্ৰযুক্তি ব্যৱহাৰ কৰি অপহৃত হোৱা কিশোৰ ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে। ঘটনাটো সংঘটিত হৈছে ইণ্ডোনেছিয়াত। দেশখনৰ মধ্য জাভা স্ৰেগেন প্রদেশত এনে এক অবিশ্বাস্য ঘটনা পোহৰলৈ আহিছে। মাত্ৰ পাঁচ বছৰ বয়সত অপহৰণ হোৱা এই কিশোৰটিয়ে google map ব্যৱহাৰ কৰি ১১ বছৰৰ পিছত তেওঁৰ পৰিয়ালৰ লগত সংযোগ স্থাপন হৈছে।
ঘটনাটো দৰাচলতে কি- এৰভান ৱাহিউ আংজাসোৰো নামৰ কিশোৰটিৰ অপহৰণ হৈছিল মাত্ৰ ৫ বছৰ বয়সত । ওচৰ চুবুৰীয়াৰ এখন ভিডিঅ’ গেমৰ দোকানৰ পৰা ঘৰ অভিমুখী হওঁতে এজন লোকে ঘৰলৈ বুলি গাড়ীত উঠাই লৈ গৈছিল এৰভানক । প্ৰকৃতে ঘৰলৈ নিয়া নাছিল অপহৰণ কৰিহে লৈ গৈছিল কিশোৰটিক। যাৰ পিছত এৰভানৰ জীৱন সলনি অত্যাচাৰৰ সন্মুখীন হৈছিল, ভালদৰে খাবলৈ পোৱা নাছিল।
তাৰ পিছত এদিন আৰক্ষীয়ে তালাচী চলাওঁতে আৰু অপহৰণকাৰী জন পলাই সাৰিবলৈ সক্ষম হয়। এৰভানক এখন অনাথ আশ্ৰময়ত আৰক্ষীয়ে গতাই দিয়ে। ইয়াৰ মাজতে এৰভানে কম্পিউটাৰ শিকে আৰু google mapৰ বিষয়েও শিকে। এদিন google map গংগ গেং নামৰ এখন বজাৰ বিচাৰিবলৈ চেষ্টা কৰে কিশোৰটিয়ে। কাৰণ এৰভানৰ বজাৰ খনৰ নাম মনত আছিল। এৰভানে নিজৰ আইতাকৰ সৈতে বজাৰলৈ প্ৰায়েই গৈছিল। তাৰ পিছতে google mapতে গংগ গেং নামৰ বজাৰ খন বিচাৰি উলিয়াইছিল এৰভানে।
অনাথ আশ্ৰমত থকা লোকসকলে এৰভানৰ কথাখিনি বজাৰত গৈ দোকানীসকলক জনালে। তেতিয়া এজন দোকানীয়ে এটা পৰিবাৰৰ ফটো দেখুৱাই কৈছিল যে মাত্ৰ ৫ বছৰ বয়সৰ পৰা এটা শিশু সন্ধানহীন হৈ আছিল। অৱশেষত সেই পৰিয়ালটোৰ সন্ধান ওলাল। ১১ বছৰৰ পিছত এৰভানৰ পৰিয়ালৰ সৈতে মিলন হয়। এতিয়া পৰিয়ালৰ সকলো লোক সুখী কাৰণ ১১ বছৰ আগতে হেৰুৱাজনক উভতাই পাইছে। তাৰ বাবে পৰিয়ালটোৱে ধন্যবাদ দিছে google mapক।