নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৫৮% কর্মচাৰী এতিয়াও work from home ৰ পক্ষত; ঘৰৰ পৰা কাম কৰা পছন্দ কৰেঃ সমীক্ষা

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ বিশ্বজুৰি চলা এক গবেষণাত প্রকাশ পাইছে যে ভাৰতৰ ৫২ শতাংশ কর্মচাৰী আৰু ৬৪ শতাংশ ব্যৱস্থাপনা স্তৰৰ কৰ্মচাৰীয়ে নিজৰ ঘৰৰ পৰা কাম কৰাৰ (working from home) নতুন উপায়ক পছন্দ কৰে। ক’ৰোনা ত্ৰাসৰ বাবে বিশ্বৰ প্ৰায়সমূহ দেশতে বহু কোম্পানীয়ে ঘৰৰ পৰা কাম কৰাৰ অনুমতি দিছিল।

কৰ্মচাৰীসকলে এই নতুন পৰিৱেশৰ মাজত নিজকে খাপ খোৱাই লৈছে আৰু বৰ্তমানো ঘৰৰ পৰায়ে নিজৰ কৰ্তব্য পালন কৰা বা কাম কৰাক পছন্দ কৰিছে।

উল্লেখ্য যে, ১ ৰ পৰা ১০ ছেপ্টেম্বৰ পর্যন্ত ক্লাউড ভিত্তিক সংস্থা ছার্ভিছ নাউ দ্বাৰা কর্পোৰেট কর্মচাৰীসকলৰ মাজত এই ‘দ্য ৱর্ক জৰীপ’ পৰিচালিত কৰা হৈছিল। ইয়াক মার্কিন যুক্তৰাষ্ট্র, ব্ৰিটেইন, ফ্রান্স, জার্মানী, আয়াৰলেন্ড, নেদাৰলেন্ড, ভাৰত, জাপান, ছিংগাপুৰ, অস্ট্রেলিয়া আৰু নিউজিলেন্ডৰ ৫০০ ৰো অধিক সংস্থাৰ ৮,১০০ কৰ্মচাৰীৰ মাজত কৰা হৈছিল।

ভাৰতৰ হৈ এই সৰ্বেক্ষণত বিনিয়োগ, স্বাস্থ্য, বিত্তসেৱা, সাৰ্বজনিক উপক্ৰম আৰু দূৰসঞ্চাৰ উদ্য়োগৰ প্ৰায় ১,০০০ কৰ্মচাৰীয়ে অংশ লৈছিল। এই জৰীপ অনুসৰি, ভাৰতৰ লোকসকলে এই ডিজিটেল পৰিৱর্তনক মানি লৈছে আৰু দেশত আগলৈও বৃদ্ধি কৰাৰ সম্ভৱণা আছে।

You might also like