নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ সাধাৰণতে এনেধৰণৰ ঘটনা ছবিজগতত দেখা যায়। কিন্তু এনে এক অনুৰূপ ঘটনাৰে সাক্ষী হৈ ৰ’ল পশ্চিমবংগৰ এখন চৰকাৰী পৰিবহন বিভাগৰ বাছৰ একাংশ বাছযাত্ৰী।
ঘটনা অনুসৰি, শুকুৰুবাৰে পশ্চিমবংগৰ হলদিবাৰী বেলতলী অঞ্চলৰ বাসিন্দা ৰমজান প্রামানিকে চিকিৎসকৰ পৰামর্শ মতে, তেওঁৰ অন্তসত্তা পত্নী জৰিনা বেগমক আল্ট্রা ছোনোগ্রাফী কৰি জলপাইগুৰিৰ পৰা পুনৰ ঘৰলৈ উলতিছিল।
প্রায় ১৫ কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰাৰ পাছত বাছৰ ভিতৰতে হঠাৎ প্রসৱ বেদনা আহে অন্তসত্ত্বাগৰাকীৰ। উত্তৰবংগ ৰাষ্ট্রীয় পৰিবহন সংস্থাৰ বাছৰ চালকেও মহিলাগৰাকীৰ চিঞৰ শুনি বাছখন পথৰ কাষলৈ চপায় দিয়ে। তাৰপাছত বাছৰ মহিলা যাত্রীসকলৰ সহায়ত অন্তসত্তা জৰিনাই বাছৰ ভিতৰতে এটি পুত্র সন্তান জন্ম দিয়ে।
অৱশ্যে পাছত নৱজাতক আৰু মাকক নিকটৱৰ্তী হলদিবাৰী হাস্পতাললৈ নিয়া হয়।
আনহাতে উত্তৰবংগ ৰাষ্ট্রীয় পৰিবহন সংস্থাৰ ফালৰ পৰা বাছখনৰ চালক আৰু কন্ডাক্তৰক প্ৰশংসা কৰা হৈছে। লগতে সংস্থাটোৱে এই দেৱশিশুটিৰ নামাকৰণ কৰিছে ‘ৰানাৰ’ নামেৰে।