নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকে ঘোষণা কৰিছিল মৃত, কবৰ দিয়াৰ ঠিক আগমুহূর্ততেই কান্দি উঠিল শিশুটি

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ভূমিষ্ঠ হোৱা সদ্যোজাত শিশুক মৃত ঘোষণা কৰি পুনৰ এবাৰ বাতৰিৰ শিৰোনামত স্থান লাভ কৰিছে ঢাকা মেডিকেল কলেজ হাস্পতালে।

উল্লেখ্য যে ইয়াছিনে জনায়, তেওঁ পত্নীক বিগত বুধবাৰে ঢাকা মেডিকেল কলেজ হাস্পতালত ভর্তি কৰাইছিল। চিকিৎসকে জনায়, ব্লাড প্রেছাৰ বেছি হোৱাৰ বাবে মহিলাগৰাকীৰ সন্তান জন্মত অসুবিধাৰ সৃষ্টি হ’ব। তাৰপাছতো বুধবাৰে নিশা স্বাভাৱিকভাবে সন্তান প্রসৱৰ চেষ্টা কৰা হয়। কিন্তু প্রসৱ নোহোৱাৰ বাবে তেওঁক ৱার্ডত ৰখা হয়। পাছত শুকুৰবাৰে শিশুটিৰ জন্ম হয়। কিন্তু শিশুটিক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।

তাৰপাছত পিতৃ ইয়াছিনে শিশুটিক লৈ যায় কবৰস্থানলৈ। কিন্তু সেই কবৰ দিয়া প্ৰায় কিছুসময় পূৰ্বে হঠাৎ চিঞৰি কান্দি উঠে শিশুটিয়ে। ‘মৃত’ শিশুটি, কান্দি উঠে! যাৰপাছতে শিশুটিক লৈ পুনৰ ঢাকা মেডিকেললৈ আহিল ইয়াছিন।

বৰ্তমান শিশুটি ঢাকা মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে। ইপিনে কেনেদৰে এনেধৰণৰ ঘটনা ঘটিবলৈ পালে তাৰ উপৰত তদন্ত ঘোষণা কৰি এখন তদন্ত কমিটি গঠনৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে মেডিকেলৰ কর্তৃপক্ষই।

You might also like