দুলীয়াজানৰ অধিৱেশনতে আছুৰ পৰা অৱসৰ ল’ব সমুজ্জ্বলে
অৱশেষত মুখ খুলিলে ‘নীলকণ্ঠ’ ড০ ভট্টাচার্যই , শেষ নিশ্বাস থকালৈকে সেৱা কৰি যাব ছাত্র সন্থাৰ সীমান্ত ঠাকুৰীয়াৰ বক্তব্যক অপব্যাখ্যা আখ্যা
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ অহা নৱেম্বৰ মাহৰ শেষত দুলীয়াজানত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্র সন্থা ত্যাগ কৰিব ড০ সমুজ্জ্বল ভট্টাচার্যই৷ সুদীর্ঘ তিনি মাহৰ অন্তত সংবাদ মাধ্যমৰ মুখামুখি হৈ আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচার্যই কয় যে ইয়াৰ পূর্বে মৰাণ আৰু দুধনৈ অধিৱেশনতো তেওঁ সংগঠন এৰাৰ ইচ্ছা ব্যক্ত কৰিছিল৷ এইবাৰ আগন্তুক দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্র সন্থা ত্যাগ কৰিব৷ একে সময়তে আছুৰ লাখ লাখ সদস্য আৰু বিষয়ববীয়াক জনাব বিচাৰে যে দেহত শেষ নিশ্বাস থকালৈকে তেওঁ ছাত্র সন্থাৰ প্রতি সেৱা আগবঢ়াই যাব৷ ৩০ বছৰ ধৰি এটা কথাই কৈ আহিছে যে ৰাজনৈতিক দল আৰু নির্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বার্থ ৰক্ষাৰ হকে কাম কৰি যাব৷ এই সিদ্ধান্তত এতিয়াও অটল আছে৷ শেহতীয়া সমালোচনা সন্দর্ভত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে সংগঠনটোৰ জ্যেষ্ঠ নেতা হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে লগত লৈ আগবাঢ়ি যোৱাৰ কাম কৰি আহিছে আৰু তেনেদৰেই কাম কৰি যাব৷ আছুৰ মজিয়াত ড০ ভট্টাচার্য এলাগী হৈ পৰা বুলি পদত্যাগী নেতা সীমান্ত ঠাকুৰীয়াই কৰা মন্তব্য অস্বীকাৰ কৰি তেওঁ কয় যে আছুৰ পৰা পদত্যাগ কৰা নেতাগৰাকীয়ে অপব্যাখ্যা কৰি আছে৷ সদৌ অসম ছাত্র সন্থা সামূহিক নেতৃত্বত পৰিচালিত হোৱা সংগঠন৷ সামূহিক নেতৃত্বতে আছু পৰিচালিত হোৱাটো সকলোৱে বিচাৰে৷
ইফালে, ভৱিষ্যতেও সদৌ অসম ছাত্র সন্থাক অৰাজনৈতিক কৰি ৰখাৰ আহ্বান জনাই ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– ‘অসমৰ সংকটৰ সময়ত আছুৱে সদায় ৰাইজৰ সহযোগত পদক্ষেপ গ্রহণ কৰি আহিছে৷ ছাত্র সন্থা এটা অবিৰত সংগ্রামী সত্তা৷ অসমৰ ৰাইজে আছুৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ থকাটো বিচাৰে৷ জনসাধাৰণৰ এই ইচ্ছাৰ প্রতি সন্মান জনাবই লাগিব৷ আছু সদায় আছু হৈ থাকিব৷ আছুৰ অৰাজনৈতিক চৰিত্র বিঘ্ণিত হ’ব পৰা বা আঁচোৰ পৰিব পৰা কোনো কাম কৰিবলৈ দিয়া নহ’ব৷’ উল্লেখ্য যে আছুৰ উদ্যোগত ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া আৰম্ভ হোৱাৰে পৰা ড০ সমুজ্জ্বল ভট্টাচার্য ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছিল৷ তাৰ মাজতে আছু ত্যাগ কৰা নেতা সীমান্ত ঠাকুৰীয়াই এক বিস্ফোৰক মন্তব্য কৰিছিল যে আছুৰ সভাপতি দীপাংক নাথে ড০ ভট্টাচার্যক মানসিক নির্যাতন চলাই আছে৷ স্বাভাৱিকতে বিগত দিনসমূহত ড০ ভট্টাচার্যৰ মৌনতাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হৈছিল৷ তাৰ মাজতে আজি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দুলীয়াজন অধিৱেশনত সংগঠনৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত সদৰী কৰে৷