ট্রাম্পৰ বিৰুদ্ধে আমেৰিকাত মহিলাৰ বিক্ষোভ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দেশখনৰ শীর্ষ আদালতত ন্যায়াধীশ হিচাপে আমী ক’নী বাৰেটক মনোনীত কৰাৰ পিছতে কালি হাজাৰ হাজাৰ মহিলাই উলিয়াইছে প্রতিবাদী সমদল৷
উল্লেখনীয় যে শীর্ষ আদালতখনৰ প্রয়াত ন্যায়াধীশ ৰুথ বাডেৰ গিনছবার্গৰ খালী হৈ থকা আসনখনৰ বাবে ট্রাম্প প্রশাসনে মনোনীত কৰিছে আমী ক’নী বাৰেটক৷ ৱাশ্বিংটন ডিচি আৰু আমেৰিকাৰ অন্য কেইবাখনো চহৰত ট্রাম্প প্রশাসনৰ বিৰুদ্ধে এনেদৰে মহিলাই বিক্ষোভ সমদল উলিয়াইছে৷
বাৰেটক ট্রাম্প প্রশাসনে শীর্ষ আদালতখনৰ ন্যায়াধীশ হিচাপে মনোনীত কৰাৰ পিছত এয়া দ্বিতীয়বাৰৰ বাবে দেশখনৰ মহিলাসকলে উলিয়াইছে প্রতিবাদী সমদল৷ লক্ষণীয়ভাৱে বাৰেটৰ মনোনয়নৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ উপৰি গিনছবার্গলৈ কালি শ্রদ্ধাঞ্জলিও জ্ঞাপন কৰিছে মহিলাসকলে৷