নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ জম্মু–কাশ্মীৰৰ বর্ষীয়ান ৰাজনীতিক তথা নেচনেল কনফাৰেঞ্চ (এনচি)ৰ নেতা ফাৰুক আব্দুল্লালৈ জেৰাৰ বাবে এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)এ জাননী জাৰি কৰাৰ পিছতে উত্তপ্ত হৈছে উপত্যকা৷
উল্লেখনীয় যে শেহতীয়াকৈ আব্দুল্লাই জম্মু–কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ মাজত গঢ়ি তুলিছে এক মর্চা৷ এন চিৰ তৰফৰ পৰা কেন্দ্রৰ এনে কার্যত ক্ষোভ উজাৰি কোৱা হৈছে যে আব্দুল্লাৰ সৈতে ৰাজনৈতিকভাৱে যুঁজ দিয়াৰ ক্ষেত্রত ব্যর্থ হৈছে চৰকাৰ৷ গতিকে ই ডিৰ দৰে সংস্থাসমূহক লগাই নেতাগৰাকীক নির্যাতন চলোৱাৰ চিন্তা–চর্চা চলাইছিল চৰকাৰে৷
উল্লেখনীয় যে ১১৩ কোটিটকীয়া এক কেলেংকাৰিৰ গোচৰত আব্দুল্লাক জেৰা কৰাৰ বাবে উঠিপৰি লাগিছে ই ডি৷ জম্মু–কাশ্মীৰ ক্রিকেট এছ’চিয়েচনৰ আব্দুল্লা অধ্যক্ষ হৈ থকাৰ সময়তে এই কেলেংকাৰি সংঘটিত হৈছিল৷