লেখক–অনুবাদক দিগন্ত বিশ্ব শর্মাক আমন্ত্রণ
অসম বিশ্ববিদ্যালয়ত ভাৰতীয় সংস্কৃতি বিষয়ক বিদ্যায়তনিক বক্তৃতামালা
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ষ্টাডী অন হিউমেন ডেভেলপমেণ্টৰ (চি এছ এইচ ডি) উদ্যোগত ভাৰতীয় বিশ্ববিদ্যালয়ৰ ইতিহাসত প্রথমবাৰৰ বাবে ভাৰতীয় সংস্কৃতি বিষয়ক বছৰজোৰা এলানি বিদ্যায়তনিক বত্তৃণতামালাৰ আয়োজন কৰা হৈছে৷ মুখ্যতঃ ভাৰতীয় সংস্কৃতিৰ গভীৰ ধাৰণা আৰু আদর্শৰাজিক তুলি ধৰাৰ বাবে আয়োজন কৰা এই বত্তৃণতামালাৰ অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্রিত হৈছে বিশিষ্ট লেখক, তার্কিক, অনুবাদক দিগন্ত বিশ্ব শর্মা৷ অহা ২৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা উক্ত বত্তৃণতামালাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখকগৰাকীয়ে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশ দাঙি ধৰিব৷ উল্লেখ্য যে ভাৰতীয় সংস্কৃতিৰ গভীৰতৰ ধাৰণা আৰু আদর্শৰাজি জানিবলৈ তথা হূদয়ংগম কৰিবলৈ যিসকলৰ অন্তৰত মহৎ তথা সমুচ্চ অভীপ্সা আছে, সেই লোকসকলে এই বিদ্যায়তনিক বত্তৃণতামালাত অংশগ্রহণৰ বাবে উপযুক্ত আৰু অর্হতাসম্পন্ন হ’ব৷ বত্তৃণতামালাৰ মূল বিষয়বস্তু হ’ল– ভাৰতীয় আধ্যাত্মিকতা, জীৱন, ভাৰতীয় সাহিত্য, কলা, ৰাজনীতি আৰু যুক্তিবাদীৰ ওপৰত সৃষ্ট সমালোচনাৰ বিৰুদ্ধে আলোচনা৷ এই বত্তৃণতামালাত নিয়মীয়াকৈ সমগ্র বছৰজুৰি অংশগ্রহণ কৰা আৰু উপস্থিত থকা সকলোকে অসম বিশ্ববিদ্যালয়ৰ চি এছ এইচ ডিৰ তৰফৰ পৰা উপযুক্তভাৱে প্রমাণ–পত্র প্রদান কৰা হ’ব৷ বত্তৃণতামালাৰ মাধ্যম ঘাইকৈ ইংৰাজী হ’ব যদিও পৰিপূৰক হিচাপে অসমীয়া আৰু বাংলাও ব্যৱহূত হ’ব৷ পঞ্জীয়ন প্র–পত্র পূৰণৰ অন্তিম দিন হ’ল ১০ নৱেম্বৰ আৰু পঞ্জীয়ন মাচুল ১,৫০০ টকা৷ বত্তৃণতামালাৰ প্রশ্ণ আৰু উত্তৰসমূহ হোৱাটছএপযোগে আদান–প্রদান কৰিব পাৰিব৷ এই অনবদ্য আৰু অনন্য বিদ্যায়তনিক বত্তৃণতামালাত ভাৰতীয় সংস্কৃতিৰ আদর্শৰাজি দাঙি ধৰাৰ সুযোগ পাই যথেষ্ট আনন্দ অনুভৱ কৰিছে শ্রীৰবিন্দৰ একান্ত ভক্ত দিগন্ত বিশ্ব শর্মাই৷ বিশিষ্ট লেখকগৰাকীৰ মন্তব্য– এয়া মোৰ জীৱনৰ সবাতোকৈ আনন্দৰ মুহূর্ত৷ এক সুযোগৰ বাবে মাতৃ আৰু শ্রীৰবিন্দৰ প্রতি মই গভীৰ কৃতজ্ঞতা আৰু শ্রদ্ধা জনাইছোঁ৷ মা ভাৰতীৰ প্রাচুর্যতাৰে ভৰা সংস্কৃতি–কলাৰ প্রতি মোৰ ভালপোৱা আৰু দায়বদ্ধতা সদায়ে থাকিব৷ উল্লেখ্য যে এই বছৰৰ ২৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বত্তৃণতামালা অনলাইন মাধ্যমত আৰম্ভ হ’ব আৰু ২০২১ চনৰ ডিচেম্বৰ মাহত সমাপ্ত হ’ব৷