নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ধৃত দেৱৰাজ দাসৰ বেংকৰ লকাৰত উদ্ধাৰ ৯.৯৫ লাখ

পুনৰ ওলাল এছআই প্রার্থীৰ পৰা সংগৃহীত ধন

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  সমগ্র ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ এছ আই নিযুক্ত কেলেংকাৰি সন্দর্ভত মাৰাথন অভিযান অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থা চি আই ডিয়ে৷ এই অভিযানকালত পুনৰ বাণ্ডিলে বাণ্ডিলে নগদ ধন উদ্ধাৰ হৈছে৷ পঞ্জাব নেচনেল বেংকৰ উত্তৰ বঙাইগাঁওস্থিত শাখাৰ লকাৰৰ পৰা চি আই ডিৰ দলে জব্দ কৰে ৯.৯৫ লাখ টকা৷ এই ধনখিনি ইতিমধ্যে ধৃত ৰে’লৱে কর্মচাৰী দেৱৰাজ দাসৰ লকাৰত ৰখা হৈছিল৷ প্রাপ্ত বাতৰি মতে, সোমবাৰে দিনৰ প্রায় ১২ বজাত গুৱাহাটীৰ পৰা অহা চি আই ডিৰ এটা পাঁচজনীয়া দলে দেৱৰাজ দাসক লগত লৈ বঙাইগাঁৱত উপস্থিত হয় আৰু ৰে’লৱে কর্মচাৰীজনৰ অ’ল্ড কলনীস্থিত বাসগৃহত তালাচী চলায়৷ ইয়াৰ পাছতে দলটোৱে দেৱৰাজ দাসক লগত লৈ উত্তৰ বঙাইগাঁৱত থকা পঞ্জাব নেচনেল বেংকলৈ গৈ তদন্ত আৰম্ভ কৰে৷ ধৃত দেৱৰাজ দাসৰ বাসগৃহত নগদ ধন তথা বিশেষ কোনোধৰণৰ সা–সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’লেও বেংকৰ লকাৰত ৯.৯৫ লাখ টকা জব্দ কৰে৷ অভিযানৰ অন্তত চি আই ডিৰ দলটোৱে দেৱৰাজ দাসসহ গুৱাহাটীলৈ উভতি যায়৷

উল্লেখ্য যে বঙাইগাঁৱত ৰে’লৱে কর্মচাৰী হিচাপে কর্মৰত দেৱৰাজ দাসৰ বৰপেটাৰ গান্ধীনগৰৰ প্রাসাদোপম অট্টালিকাৰ পৰা যোৱা ১০ অক্টোবৰত আৰক্ষীয়ে অভিযান চলাই ১,৮৩,৫৫,৭৪০ টকা উদ্ধাৰ কৰিছিল৷ ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে দেৱৰাজ দাসক গতাই দিছিল চি আই ডিক৷ পৰৱর্তী সময়ত যোৱা ১৬ অক্টোবৰত দেৱৰাজ দাসৰ পত্নী তুলিকা বর্মনক জেৰা চলাই চি আই ডিয়ে বৰপেটাস্থিত বৰোদা বেংকৰ লকাৰৰ পৰা ৪৬,৭৭,০০০ টকাৰ লগতে ৯২০ গ্রাম সোণ উদ্ধাৰ কৰিছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীৰ এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত দেৱৰাজ দাসৰ লগতে আন এজন ৰে’লৱে কর্মচাৰী ৰূপম দাসৰ অভয়াপুৰীত থকা শহুৰেকৰ ঘৰত তালাচী চলাই দ’মে দ’মে উদ্ধাৰ কৰিছিল নগদ ধন৷ সম্প্রতি দেৱৰাজ দাস আৰু ৰূপম দাস চি আই ডিৰ জিম্মাত আছে৷

You might also like