পেছাদাৰী ফুটবলাৰ হিচাপে গিনীজ বুকত নাম লিখালে ৭৪ বছৰীয়া এইজন ‘যুৱক’-এ
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ফুটবল মানেই দৌৰ, পেশিৰ শক্তিৰে যুঁজ। যাৰ ষ্টেমিনা যিমান বেছি, ফুটবলৰ খেলপথাৰত তেওঁৰে আধিপত্য বেছি। সাধাৰণতে ৪০ বছৰতকৈ অধিক বয়সৰ খেলুৱৈ এখন পেছাদাৰী ফুটবলত নাথাকে। কিন্তু তেনেসময়ত যদি ৭৪ বছৰ বয়সীয়া কোনো লোক পেছাদাৰী ফুটবলাৰ হিচাপে ফুটবল খেলত নামে তেন্তে আচৰিত হয়টো সকলোৱেই হ’ব। কিন্তু আচৰিত লাগিলেও এয়া সত্য।
বিগত শনিবাৰে ইজিপ্টৰ (Egypt) এজেলদিন বাহাদাৰ নামৰ এজন ব্যক্তি সকলোতকৈ বেছি বয়সৰ পেছাদাৰী ফুটবলাৰ হোৱাৰ অভিলেখ সৃষ্টি কৰিছে। লগতে নাম তুলিছে গিনীজ বুকতো (Guinnes Boosks Of World Record)।
উল্লেখ্য যে ৭৪ বছৰ বয়সৰ এইগৰাকী খেলুৱৈয়ে ৬ অক্টোবৰত তৃতীয় ডিভিজনৰ এখন ক্লাবৰ হৈ খেলি এই অভিলেখ গঢ়ে। ইপিনে এই অভিলেখেৰে খেলুৱৈগৰাকীয়ে পূৰ্বৰ ইজৰাইলৰ (Israel) ইছাক হায়িকৰ ৭৩ বছৰ বয়সৰ পেছাদাৰী ফুটবলাৰ অভিলেখ ভংগ কৰে।
বৰ্তমান এইগৰাকী খেলুৱৈৰ এই অভিলেখক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।