নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ আপাৰ দিহিং বনাঞ্চলৰ বিভিন্ন এলেকাত সঘনে সংঘটিত হয় হাতী-মানুহৰ সংঘাত। কেইদিনমান পূৰ্বে ডিগবৈৰ অইল ফিল্ডত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী মাধুৰ্য্য গগৈ নামৰ এজন কৰ্মচাৰীয়ে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল। মঙলবাৰে নিশাও হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম গীৰ্জামণি মুদ্দামেস্তি(৭৬)।

উল্লেখ্য যে ভাৰতীয় তেল নিগম (অসম অইল সংমণ্ডল)ৰ আবাসিক এলেকাৰ শ্বিলং ৰ’ড এৰিয়াৰ অফিচাৰ কলনিত সংঘটিত হয় এই দুৰ্ঘটনা। এখন গাড়ীৰো ক্ষতিসাধন কৰে হাতীটোৱে। বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা মহিলা গৰাকীক বন্যহস্তীৰ জাকটোৱে শৰীৰৰ বিভিন্ন অংগ ছিন্ন-বিচ্ছিন্ন কৰি পেলোৱাৰ লগতে বহু সময় ধৰি ঘেৰি ৰাখে।

তৈলনগৰী ডিগবৈ চহৰৰ চাৰিওদিশে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ ঘন জংঘলেৰে আৱৰি থকা হেতুকে প্ৰায়ে খাদ্যৰ সন্ধানত বনহস্তীৰ জাকে জনঞ্চলত প্ৰৱেশ কৰি স্থানীয় বাসিন্দাৰ নিদ্ৰাহৰণ কৰি আহিছে। যাৰবাবে মানুহ-হাতীৰ সংঘাত হৈ বহু কেইজন লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে। এই ক্ষেত্ৰত স্থানীয় বন বিভাগৰ লগতে বনৰক্ষী বাহিনীৰ শিবিৰ থকাৰ পিছতো বিভাগটোৰ চৰম ব্যৰ্থতা স্পষ্ট ভাৱে প্ৰকাশ পাইছে।

You might also like