জনতা ভৱন–মন্ত্রীৰ আৱাসত নাই পূর্বৰ দৰে ব্যস্ততা, নাই চান্দা সংগ্রহকাৰীও
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ৷ পিছে মহামাৰী ক’ৰোনাই এইবাৰ সম্পূর্ণৰূপে ম্লান কৰিছে পূজাৰ আনন্দ–উল্লাহ আৰু সীমাহীন ব্যস্ততাক৷ পূর্বতে দুর্গাপূজা বুলিলেই এপষেক পূর্বৰে পৰাই জনসাধাৰণৰ মাজত পূজাৰ বাবে নতুন কাপোৰ ক্রয়কে ধৰি বিভিন্ন ধৰণৰ প্রস্তুতি, পৰিকল্পনা আৰম্ভ হয়৷ বহুজনে পূজাৰ দিনকেইটা ক’ত কেনেদৰে উদ্যাপন কৰিব, তাৰো প্রস্তুতিত ব্যতিব্যস্ত হৈ পৰে৷
কিন্তু এইবাৰ সমূলি নাই তেনেধৰণৰ ব্যস্ততা৷ মূলতঃ এইবাৰ কেৱল ধর্মীয় ৰীতি–নীতি অনুসৰি ক’ভিড প্রট’কল মতেহে পূজা অনুষ্ঠিত হ’ব বাবেই ৰাইজ এইবাৰ পূর্বৰ দৰে উল্লসিত হোৱা নাই৷ ইয়াৰ পূর্ণ প্রভাৱ পৰিছে ৰাজধানী দিছপুৰতো৷ জনতা ভৱনৰ পৰা আৰম্ভ কৰি মন্ত্রী–বিধায়ক আৱাসতো এইবাৰ নাই পূর্বৰ বছৰসমূহত দেখা ব্যস্ততা, উৎসাহ৷ পূর্বতে দুর্গাপূজাৰ সময়তেই জাকে জাকে আমোলা–বিষয়াই দেশ–বিদেশ ভ্রমণৰ কার্যসূচী যুগুতাই দীঘলীয়া ছুটী লয়৷
এইবাৰ ক’ৰোনাকালৰ বাবেই আমোলা–বিষয়াসকলৰ মাজত নাই তেনেধৰণৰ কার্যসূচী৷ একেদৰে মন্ত্রী–বিধায়কসকল্ মাজতো নাই পূজাক লৈ পূর্বৰ বছৰসমূহৰ দৰে ব্যস্ততা৷ আৰু কেইটামান মাহ পাছতেই অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ পৰিৱেশ–পৰিস্থিতি স্বাভাৱিক হোৱা হ’লে প্রতিগৰাকী মন্ত্রী–বিধায়কে এই পূজাৰ সময়ছোৱাত নিজ সমষ্টিৰ পূজা কমিটীসমূহক বৰঙণি আগবঢ়োৱাৰ লগতে অনুগত দলীয় নেতা–কর্মী–সমর্থক পূজাৰ উপহাৰ দিয়াক লৈ ব্যস্ত হ’বলগীয়া হ’লহেঁতেন৷ নহ’লে নির্বাচনত প্রভাৱ পৰাৰ ভয়৷
কাৰণ নির্বাচনৰ প্রাকক্ষণৰ পূজা–বিহু আদিত সমষ্টিৰ প্রতিদ্বন্দ্বী প্রার্থীয়ে পূজা কমিটী–বিহু কমিটী–দলীয় কর্মী–সমর্থকক সহায় আগবঢ়াই শক্তি বৃদ্ধিৰ চেষ্টা চলায়৷ কিন্তু এইবাৰ বৰঙণি দিয়াৰ তেনেধৰণৰ প্রতিযোগিতাৰ পৰিৱেশৰ পৰাও মুক্ত৷ বিগত বছৰসমূহত গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা কমিটীয়ে দিছপুৰৰ মন্ত্রী–বিধায়কৰ আৱাসত পূজাৰ চান্দা বিচাৰি ভিৰ কৰিছিল৷
কিন্তু এইবাৰ চান্দা সংগ্রহকাৰীৰ পৰাও মুক্ত দিছপুৰ৷ এক কথাত ক’ব লাগিলে ক’ৰোনাকালৰ বাবেই এইবাৰ পূজাৰ বতৰত বৃহৎ আর্থিক বোজাৰ পৰা সকাহ পাইছে মন্ত্রী–বিধায়কসকল্৷ নিজ সমষ্টিতো এইবাৰ পূজাৰ বৰঙণি দিয়াৰ বৃহৎ পৰিমাণৰ পৰা তেওঁলোকে সকাহ লাভ কৰিছে৷ কাৰণ এইবাৰ পূজাত নাই পূর্বৰ দৰে জাক–জমকতাপূর্ণ মণ্ডপ৷ ঘট পূজাৰেই যিহেতু পূজা অনুষ্ঠিত হ’ব, কোনো মেলা নাথাকিব, সাংস্কৃতিক অনুষ্ঠান নচলিব, সেয়ে স্বাভাৱিকতে পূজা কমিটীসমূহৰ বাজেটো হ্রাস পাইছে৷
ইয়াৰ বাবেই মন্ত্রী–বিধায়কসকল বৰঙণিৰ বোজাও পূর্বৰ তুলনাত বহুলাংশে হ্রাস পাইছে৷ স্মর্তব্য যে যোৱা মার্চ মাহৰ পৰাই ৰাজ্যখনত ক’ৰোনাৰ ত্রাস আৰম্ভ হয়৷ লকডাউনৰ মাজতেই ৰঙালী বিহু পাৰ হয়৷ ফলত ৰঙালী বিহুত এইবাৰ মন্ত্রী–বিধায়কসকল্ বিহু সন্মিলনী, ব’হাগী উৎসৱ, ব’হাগী বিদায় আদিৰ নামত বৰঙণি আদায় দিবলগীয়া নহ’ল৷ ঈদৰ বতৰতো একেই অৱস্থা৷ অকল ধর্মীয় নীতি–নিয়ম পালনেৰে ঘৰতেই উদযাপন কৰিলে ঈদ৷ একেই পৰিৱেশৰ সন্মুখীন কৰম পূজাও৷
দিছপুৰত এতিয়া একাংশ মন্ত্রী–বিধায়কে ক’ৰোনাকালৰ সংকটৰ মাজতো ২০২০ বছৰটো মন্ত্রী–বিধায়কসকলৰ বাবে আর্থিক দিশত বৃহৎ সকাহ বুলি অভিহিত কৰিছে৷ কাৰণ আর্থিকভাৱে সচ্ছল নোহোৱা বহু জনপ্রতিনিধিৰ বাবে এই উৎসৱৰ বতৰ বহু সময়ত চান্দা, বৰঙণি আদিৰ বাবেই মূৰৰ কামোৰণি হৈ আহিছিল৷